মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰি বান পৰিস্থিতি আৰু সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। পৰিদৰ্শনকালত তেওঁ জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনা কৰি ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক দিনৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
উল্লেখযোগ্য যে, যোৱা নিশা জামুগুৰি অঞ্চলৰ লতাবাৰী অংশত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াৰ ফলত মথাউৰিৰ এটা অংশ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আন আন অংশতো বৃহৎ ফাঁট মেলে। বিষয়টো স্থানীয় বিধায়ক ভূপেন কুমাৰ বৰা আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজে গোটেই নিশা যুদ্ধকালীন তৎপৰতাৰে কাম কৰি মথাউৰিটোৰ সুৰক্ষা নিশ্চিত কৰে, যাৰ ফলত এক সম্ভাৱ্য বৃহৎ দুৰ্যোগৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব পৰা যায়।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ক্ষতিগ্ৰস্ত অংশসমূহ স্বচক্ষে পৰ্যালোচনা কৰি বিভাগীয় বিষয়াসকলক প্ৰয়োজন অনুসৰি জিঅ’ বেগ, মাটি, বালি আদি ব্যৱহাৰ কৰি তাৎক্ষণিক সুৰক্ষা ব্যৱস্থা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। লগতে, স্থায়ী সমাধানৰ বাবে ক্ষতিগ্ৰস্ত অংশ আৰু সংলগ্ন অঞ্চলসমূহৰ কাৰিকৰী সমীক্ষা সম্পন্ন কৰি শীঘ্ৰে প্ৰয়োজনীয় ব্যয়ৰ হিচাপ প্ৰস্তুত কৰাৰো নিৰ্দেশ প্ৰদান কৰে।
সংবাদমাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “যোৱা নিশা স্থানীয় ৰাইজ, জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে দেখুওৱা সমন্বয়, সাহস আৰু তৎপৰতাৰ ফলতেই এক সম্ভাৱ্য বৃহৎ দুৰ্যোগৰ পৰা অঞ্চলটো ৰক্ষা পৰিছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে এই অঞ্চলৰ স্থায়ী সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। ৰাইজ কোনো ধৰণে উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই; চৰকাৰ সদায় তেওঁলোকৰ কাষত আছে।”
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰত সংযোগ হোৱা অঞ্চলৰ নিকটৱৰ্তী হোৱাৰ বাবে এই অংশত পানীৰ প্ৰবল চাপ সৃষ্টি হয় আৰু সেইবাবেই অঞ্চলটো খহনীয়াৰ দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ। সেয়েহে দীৰ্ঘম্যাদী সুৰক্ষাৰ লক্ষ্যৰে মথাউৰি অধিক শক্তিশালী কৰা, প্ৰয়োজনীয় জিঅ’ বেগ স্থাপন আৰু আন আন আন্তঃগাঁথনি ব্যৱস্থাৰ সম্ভাৱনীয়তা জলসম্পদ বিভাগে পৰ্যালোচনা কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিব।
পৰিদৰ্শনকালত স্থানীয় ৰাইজক সম্বোধন কৰি থকা সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বৰুৱাৰ ফোনযোগে উপস্থিত লোকসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজক চৰকাৰৰ পূৰ্ণ সহযোগিতা আৰু সকলোধৰণৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে প্ৰয়োজন হ’লে অতি শীঘ্ৰেই অঞ্চলটো স্বচক্ষে পৰিদৰ্শন কৰিব বুলিও জনায়।
পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভূপেন কুমাৰ বৰা, গহপুৰৰ বিধায়ক উৎপল বৰা, বিধায়ক ঋষিৰাজ হাজৰিকা, জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
