
যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপেও তেওঁ অভিলেখ গঢ়িছিল। ক’বলৈ ওলাইছো ডায়ানা পুণ্ডোলৰ।

ডায়ানা পুণ্ডোলে যোৱা বছৰ বিশ্বৰ অন্যতম মৰ্যাদাপূৰ্ণ ‘ফেৰাৰী ৰেচিং চিৰিজ’ত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছিল। তীব্ৰ আগ্ৰহ আৰু ভালপোৱাক এক অসাধাৰণ মটৰস্পৰ্ট কেৰিয়াৰলৈ ৰূপান্তৰিত কৰিছে এসময়ৰ ইংৰাজীৰ শিক্ষয়িত্ৰী আৰু বৰ্তমান দুটি সন্তানৰ মাতৃ ডায়ানাই।

কিন্তু কোন এই ডায়ানা?
ডায়ানা মহাৰাষ্ট্ৰৰ পুনেৰ জীয়ৰী। সৰুৰে পৰা পিতৃ-মাতৃৰ বিপুল উৎসাহত তেওঁ টেনিছ, সাঁতোৰ, মাৰ্ছিয়েল আৰ্টসহ একাধিক খেল-ধেমালি আৰু শাৰীৰিক চৰ্চাত মনোনিৱেশ কৰিছিল।

সেই আৰম্ভণিৰ দিনবোৰৰ অভিজ্ঞতাবোৰেই ডায়ানাৰ মনত প্ৰতিযোগিতামূলক মানসিকতা গঢ়ি তুলিছিল, যাৰ বাবে পৰৱৰ্তী সময়ত ৰেচট্ৰেকত তেওঁৰ সফলতাৰ মূল চালিকাশক্তি হৈ পৰে।

২০১৮ চনত এটা মটৰস্পৰ্ট টেলেণ্ট হাণ্ট বা প্ৰতিভা অন্বেষণ কাৰ্যসূচীত অংশগ্ৰহণৰ আমন্ত্ৰণ পোৱাৰ মাধ্যমেৰে অপ্ৰত্যাশিতভাৱে ডায়ানাৰ ৰেচিং যাত্ৰাৰ সূচনা হয়।

প্ৰায় ২০০ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা নিৰ্বাচিত হৈ ডায়ানাই একাধিক স্তৰ অতিক্ৰম কৰি শ্ৰেষ্ঠ ছয় গৰাকীৰ তালিকাত নিজৰ স্থান সুৰক্ষিত কৰে। মাতৃত্ব, পাৰিবাৰিক দায়িত্ব আৰু কঠোৰ প্ৰশিক্ষণৰ মাজত ভাৰসাম্য বজাই ৰাখিয়েই ডায়ানাই ভাৰতীয় মটৰস্পৰ্ট জগতত ক্ৰমাগতভাৱে আগবাঢ়ি গৈছে।

২০২৪ চনত ‘ইণ্ডিয়ান নেচনেল কাৰ ৰেচিং চেম্পিয়নশ্বিপ’ জয় কৰাৰ পিছত ডায়ানা দেশৰ উদীয়মান মহিলা ৰেচাৰসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। ডায়ানাৰ অদম্য সংকল্প আৰু ধাৰাবাহিক ভাল প্ৰদৰ্শনে অৱশেষত তেওঁক আন্তঃৰাষ্ট্ৰীয় ৰেচিঙৰ মঞ্চতো প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ আনি দিয়ে।

প্ৰথম ভাৰতীয় মহিলা হিচাপে ‘ফেৰাৰী চেলেঞ্জ মিডল ইষ্ট’ত ৰেচ খেলাৰ গৌৰৱ অৰ্জন কৰে ডায়ানাই। ‘ফেৰাৰী চেলেঞ্জ মিডল ইষ্ট’ হৈছে এটা মৰ্যাদাপূৰ্ণ ‘ৱান-মেক চেম্পিয়নশ্বিপ’ (য’ত সকলো প্ৰতিযোগীয়ে একেটা মডেলৰে ফেৰাৰী গাড়ী চলায়)। যাৰ ফলত প্ৰতিটো ৰেচতে চালকৰ দক্ষতা আৰু ধাৰাবাহিকতাই জয়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰে।

সেই প্ৰতিযোগিতাত ‘ফেৰাৰী ২৯৬ চেলেঞ্জ’ গাড়ীখন চলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ৰেচতে চমকপ্ৰদ নৈপুণ্য প্ৰদৰ্শন কৰে ডায়ানাই। আয়োজকৰ পৰা আৰম্ভ কৰি দৰ্শক সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় তেওঁ।

য়াচ মেৰিনা চাৰ্কিটত চতুৰ্থ স্থান অধিকাৰ কৰে ডায়ানাই। পৰৱৰ্তী সময়ত বাহৰিনত দ্বিতীয় স্থান অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় ফেৰাৰী ৰেচাৰসকলৰ মাজত নিজৰ শক্তিশালী উপস্থিতিৰ জানান দিয়ে।

ঘণ্টাত ২৫০ কিলোমিটাৰতকৈও অধিক গতিবেগত গাড়ী চলোৱাৰ দৰে অত্যন্ত কঠিন পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় কঠোৰ শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণৰ ওপৰত ভিত্তি কৰিয়েই ডায়ানাৰ এই সফলতা গঢ়ি উঠিছে। মটৰস্পৰ্টৰ প্ৰতি তেওঁৰ ভালপোৱাৰ সূচনা হৈছিল প্ৰয়াত পিতৃৰ হাত ধৰিয়েই। পিতৃৰ সেই স্মৃতিয়ে আজিও তেওঁক আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা যোগায়।

আন্তঃৰাষ্ট্ৰীয় ফেৰাৰী চিৰিজত ডায়ানাৰ এই যাত্ৰাত সহায় কৰিছিল দুটা সংস্থাই। ডায়ানাই আশা প্ৰকাশ কৰে যে, তেওঁৰ এই যাত্ৰাপথে মটৰস্পৰ্ট জগতত আন প্ৰতিভাশালী মহিলাসকলৰ বাবে অধিক পৰিচিতি আৰু স্পনচৰশ্বিপৰ সুযোগ সৃষ্টি কৰিব।

‘ফেৰাৰী চেলেঞ্জ মিডল ইষ্ট’ত অংশগ্ৰহণ সন্দৰ্ভত ডায়ানাই এবাৰ কৈছিল, ‘‘প্ৰথম ভাৰতীয় মহিলা হিচাপে ‘ফেৰাৰী ক্লাব চেলেঞ্জ মিডল ইষ্ট’ৰ অংশ হ’বলৈ পোৱাটো কেৱল মোৰ বাবেই নহয়, বৰঞ্চ ভাৰতীয় মটৰস্পৰ্টৰ মহিলাসকলৰ বাবেও অত্যন্ত গৌৰৱৰ বিষয়। মই আশা কৰোঁ, ই ৰেচিংৰ প্ৰতি মহিলাসকলৰ আগ্ৰহ আৰু অধিক বৃদ্ধি কৰিব তথা আবেগক আগুৱাই নিয়াত উৎসাহিত কৰিব।’’

ডায়ানাৰ এই যাত্ৰাই প্ৰমাণ কৰে যে, দৃঢ় সংকল্প, অদম্য মনোবল আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে জীৱনৰ যিকোনো পৰ্যায়তে মানুহে অপ্ৰত্যাশিত স্বপ্নক বাস্তৱ ৰূপ দিব পাৰে।
