দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান। মহানগৰীৰ মালিগাঁৱৰ পিছত এইবাৰ বিৰুবাৰীত প্ৰশাসনৰ বৃহৎ উচ্ছেদ। ৰামকৃষ্ণ মিছন পথৰ সুৰবালা বৰদলৈ নগৰৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভূমিত উচ্ছেদ চলালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। প্ৰায় ৮ বিঘা ৩ কঠা ১০ লেচা ভূমিত উচ্ছেদ প্ৰশাসনৰ। প্ৰায় ৫৫টা অবৈধ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয় এই অভিযানত। ১৯৭৫ চনতে টিবি হাস্পতালৰ নামত আবণ্টন দিয়া হৈছিল এই ভূমি।
