আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।
অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ গুলীত আহত হৈছিল আৰক্ষী জোৱান।
৬মে’ত সংঘটিত হৈছিল এই ঘটনা।
ঘটনাৰ পিছত ড্ৰাগছ মাফিয়াক বিচাৰি তীব্ৰ অভিযান কাছাৰ আৰক্ষীৰ।
আজি এই ঘটনাৰে জড়িত এটা ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে কৰায়ত্ত কৰে।
ড্ৰাগছ মাফিয়াটোৱে আৰক্ষীক আক্ৰমণ কৰি পলাই যোৱাৰ চেষ্টা চলায়।
পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ গুলীত নিহত হয় মাফিয়াটো।
