আজি গুৱহাটীত ৰাজস্থান ৰয়েলছ-মুম্বাই ইণ্ডিয়ানছৰ মেচ

ঘৰুৱা সমৰ্থকৰ বাবে সদায়ে দায়বদ্ধ হৈ থকা ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ পাঁচ গৰাকী ভাগ্যবান অনুৰাগীক দলৰ খেলুৱৈৰ লগত পৰিচয় কৰাৰ এক অভিনৱ সুযোগ দিছে৷ সেই অনুসৰি কাইলৈ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৬] ৰ ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মেচৰ টিকট ক্ৰয় কৰা দৰ্শকৰ মাজৰ পাঁচ গৰাকী ভাগ্যবান অনুৰাগীয়ে ৰিয়ান পৰাগ নেতৃত্বনাধিন দলটোৰ খেলুৱৈসকলক লগ কৰাৰ সুযোগ পাব৷ ইফালে, কাইলৈৰ মেচখন উপভোগ কৰাৰ বাবে সাধাৰণ টিকট ক্ৰয় কৰি ষ্টেডিয়ামলৈ অহা নিৰ্বাচিত ৩০ গৰাকী ভাগ্যবান অনুৰাগীয়ে এ চি এ ষ্টেডিয়ামৰ বিশেষ গেলেৰীত বহি খেল উপভোগ কৰাৰ সুযোগ পাব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...

প্ৰচণ্ড গৰমৰ পৰা সকাহ, মহানগৰীৰ প্ৰান্তে প্ৰান্তে বৰষুণ….

প্ৰচণ্ড গৰম, ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি...