আমেৰিকাৰ প্ৰতিষ্ঠিত প্ৰকাশন মডাৰ্ণ লাইব্ৰেৰী প্ৰেছে প্ৰকাশ কৰিব আৰুণি কাশ্যপে অনুবাদ কৰা য়েচে দৰজে ঠংচিৰ গ্ৰন্থ 

ঠংচিৰ লেখা বুকাৰ বঁটাৰ যোগ্য : পেংগুইন আমেৰিকাৰ সম্পাদক 

অসমীয়া সাহিত্যৰ বুৰঞ্জীত এয়া এক ঐতিহাসিক ঘটনা। নোবেল বঁটা বিজয়ী সাহিত্যিকসকলৰ সৈতে একে শাৰীত ঠংচিৰ গ্ৰন্থখনে স্থান পাব।

য়েচে দৰজে ঠংচিৰ ‘বাঁহ ফুলাৰ গোন্ধ’ শীৰ্ষক গল্প সংকলনখনৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰিবলৈ আমেৰিকাৰ সম্ভ্ৰান্ত প্ৰকাশক মডাৰ্ণ লাইব্ৰেৰীয়ে লেখক আৰু অনুবাদক আৰুণি কাশ্যপৰ সৈতে চুক্তিবদ্ধ হৈছে। নিউয়ৰ্ক চহৰৰ পৰা প্ৰকাশিত পাবলিচাৰ্চ মাৰ্কেটপ্লেচ নামৰ আলোচনীত এই খবৰ প্ৰকাশ পাইছে।

মডাৰ্ণ লাইব্ৰেৰী হৈছে নিউয়ৰ্কস্থিত এক অত্যন্ত চয়নাত্মক প্ৰকাশন। ইয়াত কেৱল সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত, আন্তৰ্জাতিক ক্লাছিক বুলি গণ্য কৰা বা যুগান্তকাৰী হোৱাৰ সম্ভাৱনা থকা গ্ৰন্থহে প্ৰকাশ কৰা হয়। ঠংচি হৈছে মডাৰ্ণ লাইব্ৰেৰীৰ দ্বাৰা প্ৰকাশিত প্ৰথম অসমীয়া সাহিত্যিক। ইয়াৰ আগতে ভাৰতীয় সাহিত্যিকৰ ভিতৰত চলমান বুশ্বদীৰ দ্বিতীয় উপন্যাস ‘মিডনাইট’ছ চিল্ড্ৰেন’ মডাৰ্ণ লাইব্ৰেৰীয়ে প্ৰকাশ কৰিছিল।

ইতিপূৰ্বে আৰুণি কাশ্যপৰ অনুবাদত ঠংচিৰ এই গ্ৰন্থখন ২০২৩ চনত আমেৰিকাৰ এটা প্ৰতিষ্ঠিত সাহিত্য বঁটা আৰ্ম’ৰী স্কুয়েৰ প্ৰাইজ ফৰ চাউথ এছিয়ান লিটাৰেচাৰ ইন ট্ৰান্সলেচনৰ চূড়ান্ত তালিকাভুক্ত হৈছিল। ২০২৪ চনত অনুৰাধা শৰ্মা পূজাৰীৰ ‘এজন ঈশ্বৰৰ সন্ধানত’ গ্ৰন্থখনো আৰুণি কাশ্যপৰ অনুবাদত একে বঁটাত চূড়ান্ত তালিকাভুক্ত হৈছিল।

এই বঁটাৰ বাবে মনোনীত হোৱাৰ পিছত ঠংচি আৰু পূজাৰীৰ গ্ৰন্থৰ প্ৰতি আমেৰিকাৰ সাহিত্যিক আৰু প্ৰকাশকসকলৰ আগ্ৰহ বৃদ্ধি পাইছিল। তাৰ ফলশ্ৰুতিতেই আজি ঠংচি অসমীয়া ভাষাত সাহিত্য ৰচনা কৰা প্ৰথম সাহিত্যিক হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক প্ৰতিষ্ঠিত প্ৰকাশকে তেওঁৰ গ্ৰন্থ অনুবাদ কৰি প্ৰকাশ কৰিব।

আৰুণি কাশ্যপৰ সাহিত্যিক প্ৰতিনিধি দ্য ফ্ৰান্সিছ গোল্ডেন লিটাৰেৰী এজেন্সীৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ৰ চিনিয়ৰ এজেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট লুচি ক্লিলেণ্ডে এই আন্তৰ্জাতিক চুক্তি সম্পন্ন কৰাত মধ্যস্থতা কৰিছে। উল্লেখযোগ্য যে মডাৰ্ণ লাইব্ৰেৰী পেংগুইন আমেৰিকাৰ এটা ইমপ্ৰিন্ট।

অসমীয়া সাহিত্যৰ বাবে এয়া তিনিটা কাৰণত ঐতিহাসিক খবৰ:

প্ৰথমতে, ইয়াৰ আগতে অসমীয়া ভাষাৰ পৰা কোনো উপন্যাস বা গল্প সংকলন আমেৰিকাৰ স্থানীয় প্ৰকাশকে প্ৰকাশ কৰা নাই। ঠংচিয়েই হ’ব অসমীয়া ভাষাত সাহিত্য ৰচনা কৰা প্ৰথম সাহিত্যিক, যাৰ গ্ৰন্থ অসমীয়াৰ পৰা অনুবাদ হৈ আমেৰিকাৰ এক প্ৰতিষ্ঠিত প্ৰকাশকে প্ৰকাশ কৰিব।

দ্বিতীয়তে,  মডাৰ্ণ লাইব্ৰেৰীৰ সোণালী ঐতিহ্য আছে। ১৯১৭ চনত নিউয়ৰ্কত প্ৰতিষ্ঠিত এই প্ৰকাশনে ১২২ গৰাকী নোবেল বঁটা বিজয়ী সাহিত্যিককে ধৰি বিশ্বৰ বহু যুগান্তকাৰী লেখকৰ গ্ৰন্থ প্ৰকাশ কৰিছে। আজি তেওঁলোকৰ তালিকাত অৰুণাচলৰ সাধু কোৱা য়েচে দৰজে ঠংচিও স্থান পাইছে।

তৃতীয়তে, এই চুক্তিৰ জৰিয়তে ঠংচিৰ গ্ৰন্থ আমেৰিকাৰ স্থানীয় সংবাদ মাধ্যমত পৰ্যালোচিত হ’ব আৰু আন্তৰ্জাতিক সাহিত্য বঁটাৰ বাবে মনোনীত হোৱাৰ যোগ্যতা লাভ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...