দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬ বছৰৰ বাবে বহিষ্কাৰ কংগ্ৰেছৰ ১৫ নেতাক। তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক বহিষ্কাৰ। টিকট নাপায় তিতাবৰৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত নামিছে ভাস্কৰ বৰুৱা। খোৱাঙৰ কংগ্ৰেছ নেতা বিজু দুৱৰাকো বহিষ্কাৰ দলৰ পৰা। সমষ্টিটো অজাপক এৰি দিয়াৰ পাছত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজু দুৱৰাই। কংগ্ৰেছৰ পৰা বহিষ্কৃত গৌৰীপুৰৰ আব্দুল মিঞা। টিকট নাপায় বিদ্ৰোহ কৰা তেজপুৰৰ পল্লৱী শইকীয়াকো বহিষ্কাৰ। চেঙাৰ আফতাদুৰ আলী খান, উদাৰবন্দৰ তপন দাসক বহিষ্কাৰ। কাটিগড়াৰ সন্দীপ দাস, বৰখলাৰ জহুৰুল ইছলামক বহিষ্কাৰ। বহিষ্কৃত দক্ষিণ কৰিমগঞ্জৰ আজিজ আহমেদ খান, ডিমৰীয়াৰ নিতুল দাস। ৰামকৃষ্ণনগৰৰ অনুপ দাস, বকো–ছয়গাঁৱৰ লাবণ্য বড়োক বহিষ্কাৰ। ৰঙাপাৰাৰ গিৰিন্দ্ৰ কুমাৰ ভূঞাকো বহিষ্কাৰ কংগ্ৰেছৰ পৰা। বহিষ্কাৰ ৰহাৰ মুকুট দাস, দলগাঁৱৰ আইনুল হকক।

