গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে দৰ্শকৰ অনুৰোধ ৰক্ষা কৰি অনলাইন টিকটৰ লগতে অফলাইন টিকটৰো ব্যৱস্থা কৰিছে৷ অসমৰ বহু দৰ্শকে অনলাইনত টিকট ক্ৰয় কৰাত অসুবিধা পোৱাৰ কথা ব্যক্ত কৰাত এতিয়া ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকেট পাৰ্টনাৰ ডিষ্ট্ৰিক্ট বাই জ’মাটোৰ ফালৰ মহানগৰীৰ তিনিটা স্থানত ২৪ মাৰ্চৰ পৰা অহা ১০ এপ্ৰিললৈ টিকট কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে৷

সেই অনুসৰি জি এছ ৰ’ডৰ চিটী চেণ্টাৰ [দিনৰ এক বজাৰ পৰা নিশা ন বজালৈ], এ চি এ ষ্টেডিয়ামৰ কাষৰ ছাউথ পইণ্ট স্কুল [দিনৰ এঘাৰ বজাৰ পৰা আবেলি পাঁচ বজালৈ] আৰু উজান বজাৰৰ ব্ৰহ্মপূত্ৰ ৰিভাৰ ফ্ৰণ্টৰ পাঁচ নম্বৰ গেটত [দিনৰ এঘাৰ বজাৰ পৰা নিশা সাত বজালৈ] কাইলৈৰ পৰা টিকট কাউণ্টাৰ মুকলি হ’ব৷ তিনিওটা টিকট কাউণ্টাৰতে দৰ্শকে অনলাইন আৰু অফলাইন টিকট পাব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...