শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ মুকলি
অহা ৩০ মাৰ্চত গুৱাহাটীৰ ACA ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত আসন্ন IPLৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব৷ IPLৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন RR তথা পাঁচবাৰৰ চেম্পিয়ন CSKৰ মাজৰ হাইভল্টেজ মেচখনৰ ৭০ শতাংশ টিকট ইতিমধ্যে বিক্ৰী হৈছে৷ মেচলৈ ১০ দিন বাকী থকাৰ পাছতো ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকট পাৰ্টনাৰ ডিষ্ট্ৰিক্ট বাই জ’মাটোত দৰ্শকে যি উৎসাহেৰে টিকট ক্ৰয় কৰিছে তাক লক্ষ্য কৰি সহজে অনুমান কৰিব পাৰি যে বিগত বৰ্ষৰ দৰেই এইবাৰো RR বনাম CSK মেচখনত ৪০ হেজাৰ ক্ৰিকেটপ্ৰেমীৰ সমাৱেশ ঘটিব৷ গোলাপী আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত ৰঙীন হৈ পৰিব ACA ষ্টেডিয়াম৷
ইফালে, অসমক নিজৰ দ্বিতীয় ঘৰৰূপে বাছি লোৱা ৰাজস্থান ৰয়েলছে সাধাৰণ দৰ্শক তথা ছাত্ৰ-ছাত্ৰীক ৰেহাই মূল্যত টিকট দিয়াৰ দায়িত্বৰ পৰা কিন্তু আঁতৰি অহা নাই৷ দলটোৱে অসমৰ ছাত্ৰ-ছাত্ৰীক ৭৯৯ টকাতে IPLৰ টিকট দিব৷ আনহাতে, সাধাৰণ দৰ্শকৰ বাবেও ১৪৯৯ টকাৰ এক বিশেষ শ্ৰেণীৰ টিকট আজিৰে পৰা মুকলি কৰা হৈছে৷ অহা ২১ আৰু ২২ মাৰ্চত ডিষ্ট্ৰিক্ট বাই জ’মাটোৰ টিকট বিক্ৰী কৰা বিশেষ গাড়ীখন আবেলি তিনি বজাৰ পৰা সন্ধিয়া সাত বজালৈ মহানগৰীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত থাকিব৷ দৰ্শকে উক্ত দুটা দিনত এই স্থানৰ পৰাই টিকট সংগ্ৰহ কৰিব পাৰিব৷ ১৪৯৯ টকাৰ টিকট সকলোৰে বাবে মুকলি যদিও ছাত্ৰ-ছাত্ৰীৰ ৭৯৯ টকাৰ টিকট ল’ব লাগিলে উপযুক্ত প্ৰমান পত্ৰ দেখুৱাব লাগিব৷
