৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব লগা ৰাজস্থান ৰয়েলছে পূৰ্বৰ দৰেই এইবাৰো ছাত্ৰ-ছাত্ৰীক ৰেহাই মূল্যত টিকট দিব৷ দলটোৱে জনোৱা অনুসৰি অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ৭৯৯ টকাতে টিকট ক্ৰয় কৰি গুৱাহাটীত হ’বলগা আই পি এল মেচৰ ৰোমাঞ্চ উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এলৰ দল যিয়ে ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে ৰেহাই মূল্যত টিকট দি আহিছে৷

দলে জনোৱা অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ মেচখনৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত প্ৰমান দি কাউণ্টাৰৰ পৰা পোনে পোনে ৰেহাই মূল্যৰ টিকট ক্ৰয় কৰিব পাৰিব৷ ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকট কাউণ্টাৰৰ স্থান তথা মুকলি কৰাৰ দিন দলে অতি শীঘ্ৰে জনাব৷

ইতিমধ্যে যোৱা ১৫ মাৰ্চৰ পৰাই সকলো দৰ্শকৰ বাবে গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ প্ৰথম মেচৰ টিকট বিক্ৰি আৰম্ভ হৈছে তথা ক্ৰিকেটপ্ৰেমীয়ে উৎসাহে নিজৰ প্ৰিয় তাৰকাৰ খেল উপভোগ কৰাৰ বাবে ডিষ্টিক্ট-জ’মাটো এপত টিকট লৈছে৷ এপ ষ্ট’ৰ বা গুগুল প্লে ষ্ট’ৰ পৰা ডিষ্টিক্ট-জ’মাটো এপটো ডাউনলড কৰি অতি সহজে নিজৰ পছন্দৰ টিকটতো ম’মাইল ফোনতে কিনিব পাৰিছে৷

ইফালে, গুৱাহাটীৰ প্ৰথম মেচৰ দৰেই পৰবৰ্তী ৭ আৰু ১০ এপ্ৰিলতো এ চি এ ষ্টেডিয়ামত হ’বলগা অন্য দুখন মেচৰো ৭৯৯ টকাৰ ৰেহাই মূল্যৰ টিকট ছাত্ৰ-ছাত্ৰীয়ে ক্ৰয় কৰাৰ সুবিধা থাকিব৷ অৱশ্যে ৭ আৰু ১০ এপ্ৰিলৰ মেচৰ টিকট এতিয়া মুকলি নহয়৷ টিকট মুকলিৰ নিৰ্দিষ্ট সময় সকলোকে পৰবৰ্তী সময়ত জনোৱা হ’ব৷

উল্লেখ্য যে অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব৷ সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ আনহাতে, অহা সাত এপ্ৰিলত এ চি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব পাচবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ ইফালে, বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’বলগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব৷

স্মৰ্তব্য যে যোৱাবছৰ আৰ আৰ আৰু চি এছ কে মেচখন দৰ্শকৰ সংখ্যাৰে গুৱাহাটীত এতিয়ালৈকে হোৱা শ্ৰেষ্ঠ খেল আছিল৷ ৰাজস্থান ৰয়েলছৰ সমৰ্থকৰ লগতে ধোনীৰ অনুৰাগী এইবাৰো সাজু হৈ গুৱাহাটীৰ প্ৰথম আই পি এল মেচখনৰ বাবে৷ ইফালে, প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ খেলিব আহিব ৰোহিত শৰ্মাৰ দল মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলিৰ দল আৰ চি বিয়ে৷ তিনিওখন মেচক লৈ দৰ্শকৰ উন্মাদনা ইতিমধ্যে তুংগত উঠিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...