হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ পৰা চেক বাউন্সৰ গোচৰত দিল্লীৰ তিহাৰ কাৰাগাৰত শাস্তি ভুগি আছে। ৰাজপালে তেওঁৰ ছবি এখনৰ বাবে এটা কোম্পানীৰ পৰা ৫ কোটি টকাৰ ঋণ লৈছিল, আৰু ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে অভিনেতাজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। অৱশ্যে, এতিয়া তেওঁৰ বাবে এক সকাহৰ খবৰ আহিছে। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে অভিনেতাজনক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।
ইয়াৰ পূৰ্বে আদালতে ৰাজপাল যাদৱৰ অধিবক্তাক অন্তৱৰ্তীকালীন জামিন লাভৰ বাবে বিয়লি ৩ বজাৰ ভিতৰত অভিযোগকাৰীৰ নামত ১.৫ কোটি টকা জমা দিবলৈ নিৰ্দেশ দিছিল। শুনানিৰ সময়ত ৰাজপাল যাদৱৰ অধিবক্তাই আদালতক অৱগত কৰে যে, ১.৫ কোটি টকা অভিযোগকাৰীৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে।
এতিয়াৰ বাবে ৰাজপালক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে আদালতে। অৱশ্যে আদালতে তেওঁক পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ অভিনেতাজনে দেশৰ বাহিৰত ভ্ৰমণ কৰিব নোৱাৰে। তদুপৰি তেওঁৰ শাস্তি পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে স্থগিত ৰখা হৈছে, যিটো অভিনেতাজনৰ বাবে এক সকাহ। অৱশ্যে ৰাজপাল যাদৱক ১৮ মাৰ্চলৈকেহে এই সকাহ দিয়া হৈছে। ১৮ তাৰিখে পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। ১৮ মাৰ্চৰ শুনানিৰ বাবে ৰাজপালক ব্যক্তিগতভাৱে বা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ হ’বলৈ কয় আদালতে।
উল্লেখ্য যে, ৯ কোটি টকাৰ চেক বাউন্স কেছত জড়িত হৈ পৰিছিল অভিনেতাগৰাকী। বৃহস্পতিবাৰে ৰাজপাল যাদৱৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয় যদিও তিহাৰ জেলৰ পৰা জামিন লাভৰ পৰা বঞ্চিত হয় ৰাজপাল যাদৱ। উচ্চ ন্যায়ালয়েও তেওঁক ধমক দিয়ে। এই সমগ্ৰ বিষয়টো বছৰ বছৰ পূৰ্বে আৰম্ভ হৈছিল “আতা পাটা লাপাটা” ছবিখন মুক্তিৰ লগে লগে, তাৰ পিছত তেওঁ আইনী সমস্যাত জড়িত হৈ পৰিছিল। অৱশ্যে বলীউডৰ কেইবাজনো অভিনেতাই অভিনেতাজনক সহায়ৰ হাত আগবঢ়াইছে।
