ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়’লজিকেল ঔষধ (Biologic Medicines)ৰ উৎপাদন বৃদ্ধিৰ বাবে এক ঐতিহাসিক ঘোষণা কৰিছে। এই ঔষধসমূহ কেন্সাৰ, ডায়েবেটিছ আৰু অট’ইমিউন ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়। বায়’ফাৰ্মা খণ্ডক শক্তিশালী কৰিবলৈ ১০,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। এই আঁচনিৰ নাম দিয়া হৈছে বায়’ফাৰ্মা শক্তি (Biopharma SHAKTI), য’ত SHAKTIৰ অৰ্থ হৈছে Strategy for Healthcare Advancement through Knowledge, Technology and Innovation

বিত্তমন্ত্ৰীয়ে কয় যে ভাৰতত নন-কমিউনিকেবল ৰোগ (NCDs) যেনে ডায়েবেটিছ, কেন্সাৰ আৰু অট’ইমিউন ডিছঅৰ্ডাৰ দ্ৰুত বাঢ়ি আহিছে। বায়’লজিকেল ঔষধসমূহে এই ৰোগসমূহ নিয়ন্ত্ৰণ কৰাত অতি কাৰ্যকৰী ভূমিকা পালন কৰে। এই ঔষধসমূহে ৰোগীৰ জীৱনকাল দীৰ্ঘায়িত কৰাৰ লগতে জীৱনৰ মান উন্নত কৰে। বাজেটত এই খণ্ডৰ উৎপাদন বৃদ্ধি কৰি দৰ কমোৱা আৰু আয়াত নিৰ্ভৰতা হ্ৰাস কৰাৰ লক্ষ্য ৰখা হৈছে।

বায়’লজিকেল ঔষধ কি?
বায়’লজিকেল ঔষধ সাধাৰণ ৰাসায়নিক ঔষধৰ পৰা কিছু পৃথক। ইয়াক বেক্টেৰিয়া, য়ীষ্ট, পশু বা মানৱ কোষৰ পৰা তৈয়াৰ কৰা হয়। ইয়াত প্ৰ’টিন, এণ্টিবডি, হৰম’ন বা ভেকচিনৰ দৰে জটিল অণু থাকে। বায়’টেকন’লজীৰ সহায়ত লেবত ইয়াক বিকশিত কৰা হয়। সাধাৰণতে এই ঔষধসমূহ ইঞ্জেকচনৰ ৰূপত দিয়া হয়।

ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত— ৰক্ত, প্লাজমা, টিছু, বোন গ্ৰাফ্ট, ভেকচিন, ইমিউন’থেৰাপী, ইনচুলিন থেৰাপী, ষ্টেম চেল থেৰাপী, মন’ক্ল’নেল এণ্টিবডি থেৰাপী আৰু বায়’লজিকেল DMARDs।

ক’ত আৰু কেনেকৈ কামত আহে?

  • ভেকচিন: সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰে। বিশ্বত ভেকচিনৰ জৰিয়তে প’লিঅ’, ক’ভিড-১৯ৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া হৈছে।
  • ৰক্ত আৰু প্লাজমা: ৰক্তৰ অভাৱ, ৰক্ত কেন্সাৰ, নিউৰ’লজিকেল সমস্যাত ব্যৱহাৰ হয়।
  • জিন থেৰাপী আৰু ইমিউন’থেৰাপী: কেন্সাৰৰ চিকিৎসাত অতি ফলপ্ৰসূ।
  • অট’ইমিউন ৰোগ: দীৰ্ঘম্যাদী প্ৰদাহ আৰু অট’ইমিউন ৰোগ নিয়ন্ত্ৰণ কৰে, বিষ কমায়।

ইয়াক বনোৱা কিয় কঠিন?
সাধাৰণ ঔষধৰ তুলনাত বায়’লজিকেল ঔষধ বনোৱা অতি জটিল। ইয়াক জীৱিত কোষৰ পৰা তৈয়াৰ কৰা হয়, অণুসমূহ অতি জটিল আৰু সামান্য পৰিৱৰ্তনেও ঔষধৰ গুণাগুণত প্ৰভাৱ পেলায়। ইয়াৰ বাবে উৎপাদনত অধিক সময় লাগে আৰু খৰচ বেছি হয়। বেছিভাগ ক্ষেত্ৰত ইঞ্জেকচন বা IV ইনফিউজনৰ ৰূপত দিয়া হয়। কিছুমানত ইঞ্জেকচনৰ ঠাইত বিষ, ফুলা, চকমকনি, জ্বৰ বা বমিৰ দৰে লক্ষণ দেখা দিব পাৰে, যদিও বেছিভাগ ক্ষেত্ৰত প্ৰতিক্ৰিয়া হালধীয়া হয়।

ভাৰতৰ বাবে গেমচেঞ্জাৰ কিয়?
বায়’ফাৰ্মা শক্তি আঁচনিৰ জৰিয়তে ভাৰতে বায়’লজিকেল ঔষধৰ উৎপাদন বৃদ্ধি কৰিব। ফলত—

  • ঔষধৰ দৰ কমিব
  • আয়াত নিৰ্ভৰতা হ্ৰাস পাব
  • বায়’টেক ষ্টাৰ্টআপসমূহক উৎসাহিত কৰা হ’ব
  • উচ্চ দক্ষতাৰ চাকৰিৰ সৃষ্টি হ’ব
  • মেডিকেল টুৰিজম বৃদ্ধি পাব আৰু অৰ্থনীতিত গতি আহিব।

এই পদক্ষেপে ভাৰতক বায়’ফাৰ্মাৰ বিশ্বমানৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...

শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যা মন্দিৰ ন্যাসৰ বৰ্ষশ্ৰেষ্ঠ বঁটা ঘোষণা

বেংগালুৰুত অৱস্থিত আট অৱ লিভিংঙৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰবি...