ভাৰত বনাম নিউজিলেণ্ড T20ৰ বাবে সাজু বৰ্ষাপাৰা

বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অহা ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি২০ আন্তৰাষ্ট্ৰীয় খেলখনৰ বাবে গুৱাহাটী মহানগৰী সম্পূৰ্ণ ৰূপে সাজু হৈ উঠা বুলি ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই। এটা বিবৃতিৰ জৰিয়তে সন্থাই জনোৱা অনুসৰি সকুলমে প্ৰৱেশ আৰু নিৰাপত্তাৰ দিশটোৰ‌ প্ৰতি লক্ষ্য ৰাখি বিয়লি ৪ বজাৰ পৰা দৰ্শকৰ বাবে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ মুকলি কৰি দিয়া হ’ব।

বিশ্বৰ দুখন দেশৰ দুটা আগশাৰীৰ ক্ৰিকেট দলৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় খেলখনকলৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। খেলখনৰ বাবে ইতিমধ্যে প্ৰায় সকলো টিকট বিক্ৰী হৈছে। দৰ্শকৰ এনে সঁহাৰিয়ে অসমক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে এক যথোপযুক্ত স্থান হিচাপে গঢ়ি তুলিছে।

উল্লেখযোগ্য যে, দুয়োটা দলে অহা ২৪ জানুৱাৰীত চাৰ্টাৰ্ড বিমানেৰে বিয়লি ৫.০৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব। অসম ক্ৰিকেট সন্থাই খেলুৱৈ, বিষয়া, সম্প্ৰচাৰক আৰু দৰ্শকৰ বাবে বিশ্বমানৰ সুবিধা উপলব্ধ হোৱাকৈ আৰু এখন সুন্দৰ খেলৰ অভিজ্ঞতা দিয়াৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আই চি চি আৰু বি চি চি আইৰ প্ৰটʼকলৰ সৈতে সংগতি ৰাখি পিটছ প্ৰস্তুত, খেলুৱৈৰ সুবিধা, সম্প্ৰচাৰৰ সু-ব্যৱস্থা, আৰু দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

এ চি এই সুৰক্ষা, নিৰাপত্তা আৰু দৰ্শকৰ সুবিধাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। এই উচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় খেলখনৰ সময়ত সুৰক্ষা, অনুশাসন আৰু এক উপভোগ্য পৰিবেশ বজাই ৰখাৰ বাবে দৰ্শকসকলক ষ্টেডিয়ামৰ‌ নীতি-নিয়মসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে। খেলৰ সময়ত ষ্টেডিয়ামৰ‌ ভিতৰলৈ নিম্নলিখিত সামগ্ৰীসমূহ নিয়াতো নিষিদ্ধ কৰা হৈছে

  • আগ্নেয়াস্ত্ৰ, বিস্ফোৰক, লেজাৰ, কটাৰী, ফুলজাৰি ,আতচবাজীকে ধৰি বিপদজনক সামগ্ৰী বা অস্ত্ৰ
  • ডাঙৰ পতাকাৰ লাঠি
  • বাণিজ্যিক ভি ডি অʼ, ফটোগ্ৰাফী বা অডিঅ’ সঁজুলি
  • সুহুৰি, হৰ্ণ, ভুভজেলা, মেগাফোন
  • প্ৰশাধন সামগ্ৰী, সুগন্ধি, ডিঅʼডৰেন্ট, আৰু ব্যক্তিগত অলংকৰণ সামগ্ৰী
  • জীৱ-জন্তু
  • ধাতুৰ পাত্ৰ বা কাঁচৰ বটল
  • প্ৰচাৰমূলক বা বাণিজ্যিক সামগ্ৰী
  • অপৰাধমূলক বা ৰাজনৈতিক চিহ্ন
  • ৰোলাৰ ব্লেড, স্কেটবৰ্ডছ স্কুটাৰছ
  • কমপ্ৰেছ গেছ কনিষ্টাৰছ আৰু অন্যান্য জ্বলনশীল সামগ্ৰী
  • ড্ৰোন বা মানৱবিহীন বিমান
  • বেকপেক

অসম ক্ৰিকেট সন্থাই এই নীতি-নিয়মসমূহ মানি চলি ষ্টেডিয়াম কৰ্তৃপক্ষ, নিৰাপত্তাৰক্ষী আৰু স্বেচ্ছাসেৱকসকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সকলো দৰ্শকৰ প্ৰতি আহ্বান জনাইছে। অসমে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মানচিত্ৰত নিজকে প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে, দেশৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীসকলক এখন উজ্জীৱিত খেল উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আদৰণি জনাবলৈ অসম ক্ৰিকেট সন্থাই আগ্ৰহৰে বাট চাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...