যুদ্ধ নহয়, কেৱল পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ বাবেই মৃত্যু হৈছিল ৪০ লাখ লোকৰ; চীনৰ পৰা ৰাছিয়ালৈ তথ্য

কেৱল যুদ্ধতে নহয়, ইয়াৰ বিকাশ আৰু পৰীক্ষণ প্ৰক্ৰিয়াতো মানৱতাৰ ওপৰত পাৰমাণৱিক অস্ত্ৰই যথেষ্ট ক্ষতিসাধন কৰিছে। এক প্ৰতিবেদনত এই চাঞ্চল্যকৰ দাবী কৰা হৈছে যে- সমগ্ৰ বিশ্বতে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ বাবে কমেও ৪০ লাখ লোকৰ অকাল মৃত্যু হৈছে।

এই মৃত্যুৰ অধিকাংশই কেন্সাৰ, হৃদৰোগ, জিনীয় বিকাৰৰ ফলত হৈছিল। এই কথা মানৱীয় সংস্থা নৰৱেজিয়ান পিপলছ এইড (এনপিএ)ৰ ৩০০ পৃষ্ঠাৰো অধিক প্ৰতিবেদনত সন্নিবিষ্ট কৰা হৈছে। যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাই পুনৰ পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিব পাৰে বুলি ইংগিত দিছে, সেইসময়তে এই পদক্ষেপক বিশেষজ্ঞসকলে অত্যন্ত বিপজ্জনক বুলি অভিহিত কৰিছে।

১৯৪৫ চনৰ পৰা ২০১৭ চনলৈকে ২৪০০ৰো অধিক পাৰমাণৱিক বিস্ফোৰণ

প্ৰতিবেদন অনুসৰি, ১৯৪৫ চনৰ পৰা ২০১৭ চনৰ ভিতৰত বিশ্বজুৰি ২৪০০ৰো অধিক পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছিল। পাৰমাণৱিক অস্ত্ৰধাৰী ৯খন দেশৰ ভিতৰত ৰাছিয়া, আমেৰিকা, চীন, ফ্ৰান্স, ব্ৰিটেইন, ভাৰত, পাকিস্তান, ইজৰাইল, আৰু উত্তৰ কোৰিয়াত ১৯৯০ চনৰ পিছত কেৱল উত্তৰ কোৰিয়াইহে পৰীক্ষা কৰিছিল যদিও বাকী দেশসমূহৰ পুৰণি পৰীক্ষাত আজিও মানুহৰ মৃত্যু ঘটিছে।

প্ৰতিবেদনখনৰ এটা ভয়ংকৰ দাবী হৈছে যে- আজিৰ জীৱিত প্ৰতিজন ব্যক্তিৰ হাড়ত পাৰমাণৱিক পৰীক্ষাৰ পৰা তেজস্ক্রিয় মৌল উপস্থিত আছে। এই কথা কয় প্ৰতিবেদনখনৰ সহ-লেখিকা তথা দক্ষিণ কেৰ’লিনা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মাগডেলিনা ষ্ট’ক’ভস্কিয়ে।

বিশেষকৈ ১৯৮০ চনলৈকে চলি থকা বায়ুমণ্ডলীয় পাৰমাণৱিক পৰীক্ষাৰ ফলত কেৱল কৰ্কট ৰোগত ২০ লাখ লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। আন ২০ লাখ লোকৰ মৃত্যু হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সৈতে জড়িত বুলি ধাৰণা কৰা হৈছে।

প্ৰতিবেদনত দেখা গৈছে যে বিকিৰণৰ প্ৰভাৱ সমান নাছিল। গৰ্ভৱতী মহিলা আৰু সৰু ল’ৰা-ছোৱালী বেছিকৈ আক্ৰান্ত হৈছিল। পুৰুষতকৈ ছোৱালী আৰু মহিলাৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৫২% বেছি। বিশেষজ্ঞসকলে কয় যে, বিকিৰণৰ কোনো নিৰাপদ সীমা নাই।

ফ্ৰান্সৰ পলিনেছিয়াৰ সাংসদ হিনামোইউৰোয়া ক্ৰছে কয় যে, ১৯৯৬ চনত ফ্ৰান্সে শেষবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা চলোৱাৰ সময়ত তেওঁৰ বয়স আছিল ৭ বছৰ। সোতৰ বছৰৰ পিছত তেওঁৰ লিউকেমিয়া হৈছিল। ইতিমধ্যে তেওঁৰ পৰিয়ালত থাইৰয়ড কেন্সাৰৰ কেইবাজনো ৰোগী আছিল। ফ্ৰান্সে তাত ১৯৩টা পাৰমাণৱিক পৰীক্ষা চলাইছিল, ইয়াৰে কিছুমান হিৰোচিমাত নিক্ষেপ কৰা বোমাতকৈ ২০০ গুণ শক্তিশালী আছিল। একেদৰে ১৯৫৪ চনত হিৰোচিমা বোমাতকৈ ১০০০ গুণ শক্তিশালী আমেৰিকাৰ ব্ৰাভো পৰীক্ষাই সমগ্ৰ মাৰ্শ্বেল দ্বীপপুঞ্জক বিকিৰণেৰে আবৃত কৰি পেলালে। আকাশৰ পৰা সৰি পৰা তেজস্ক্রিয় ছাইক শিশুসকলে নিয়ৰ বুলি ভুল কৰিছিল৷

প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে, যিবোৰ দেশে পাৰমাণৱিক পৰীক্ষা চলাইছিল, সেইবোৰ দেশে বছৰ বছৰ ধৰি সত্য লুকুৱাই ৰাখিছিল। কিৰিবাটিত আমেৰিকা আৰু ব্ৰিটেইনৰ প্ৰতিবেদন আজিও গোপনীয় হৈ আছে। ফ্ৰান্সে আলজেৰিয়াত এই তেজস্ক্রিয় আৱৰ্জনা ক’ত পুতি থৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ প্ৰতিবেদনত কোৱা হৈছে যে, কোনো পাৰমাণৱিক শক্তিয়ে আনুষ্ঠানিকভাৱে ক্ষমা বিচৰা নাই, আৰু য’ত ক্ষতিপূৰণৰ প্ৰস্তাৱ দিয়া হৈছে, তাত ই ভুক্তভোগীক সহায় কৰাতকৈ দায়িত্ব এৰাই চলাৰ উপায়হে হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...