ফ্ৰান্সৰ ৱাইন, চেম্পেইনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰিব ট্ৰাম্পে! পেৰিছক লৈ হোৱাইট হাউছৰ ইমান খং কিয়?

আমেৰিকাই ফৰাচী ৱাইনৰ ওপৰত শুল্ক আৰোপ কৰিব! সোমবাৰে এই কথা ঘোষণা কৰে স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “মই ফ্ৰেন্সৰ ৱাইন আৰু চেম্পেইনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰিম।” ৰয়টাৰৰ মতে, ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক তেওঁৰ ‘শান্তি ব’ৰ্ড’ত যোগদান কৰিবলৈও দাবী জনাইছিল।

যদিও ট্ৰাম্পে ফ্ৰান্সৰ ওপৰত শুল্ক আৰোপ কৰাৰ কাৰণ ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাছিল, তথাপিও ফ্ৰান্সে তেওঁৰ প্ৰস্তাৱিত ‘শান্তি ব’ৰ্ড’ত যোগদান কৰিবলৈ সন্মতি নিদিয়াত ট্ৰাম্প ক্ষুব্ধ বুলি অনুমান কৰা হৈছে। সেয়েহে পেৰিছৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ফ্ৰান্সৰ বিখ্যাত মাদক দ্ৰব্যৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। ফ্ৰান্সৰ সন্মতিলৈ অপেক্ষা নকৰাকৈয়ে তেওঁ ঘোষণা কৰে যে, মেক্ৰনে শান্তি ব’ৰ্ডত যোগদান কৰিব। এই বিষয়ত পেৰিছৰ বক্তব্য এতিয়াও লাভ কৰা হোৱা নাই।

ট্ৰাম্পে দাবী কৰিছে যে, ‘শান্তি ব’ৰ্ডে’ বিশ্বৰ শান্তি বজাই ৰাখিবলৈ কাম কৰিব। প্ৰথম অৱস্থাত গাজাৰ পৰা আৰম্ভ হ’ব। হোৱাইট হাউছে কয় যে, গাজাৰ সমস্যা সমাধান হ’লেই ‘শান্তি ব’ৰ্ডে’ অন্যান্য আঞ্চলিক সংঘাতৰ ওপৰতো কাম কৰিব। ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ট্ৰাম্পৰ আমন্ত্ৰণ গ্ৰহণ কৰি ‘শান্তি ব’ৰ্ড’ত যোগদান কৰিলে প্ৰথমে তিনি বছৰৰ বাবে গোটটোৰ সদস্যপদ লাভ কৰিব। অৱশ্যে ই স্থায়ী নহয়। স্থায়ী সদস্যপদৰ বাবে ধন খৰচ কৰিব লাগিব। আপুনি ১ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত ন হাজাৰ কোটি টকা) দান কৰি ‘শান্তি ব’ৰ্ড’ৰ স্থায়ী সদস্য হ’ব পাৰে।

ইতিমধ্যে ভাৰত, পাকিস্তান, হাংগেৰী, ভিয়েটনাম, অষ্ট্ৰেলিয়া, ফ্ৰান্স, ব্ৰিটেইন, ইটালী, আৰ্জেণ্টিনা, জাৰ্মানী, কানাডা, ইজিপ্ত, তুৰস্ককে ধৰি বিশ্বৰ ৬০খন দেশক শান্তি ব’ৰ্ডত যোগদানৰ প্ৰস্তাৱ দিয়া হৈছে।

বিশ্বৰ কেইবাখনো দেশে আশংকা কৰিছে যে- ট্ৰাম্পে নিজৰ নিয়ন্ত্ৰণত শান্তি ব’ৰ্ড গঠন কৰি ৰাষ্ট্ৰসংঘৰ শক্তি দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে। ফ্ৰান্সেও একে আশংকা কৰে। কাকতলীয়াকৈ ক’বলৈ গ’লে ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা নিৰাপত্তা পৰিষদৰ অন্যতম স্থায়ী সদস্য। পেৰিছে কয় যে,বিবাদ বা সংকট বন্ধ কৰিবলৈ ইমান দিনে চলি অহা নিয়মসমূহ বজাই ৰখাৰ পক্ষপাতী। সেয়েহে ফ্ৰান্সে আমেৰিকাৰ এই প্ৰস্তাৱত সন্মতি নিদিয়ে বুলি এ এফ পি সংবাদ সংস্থাই প্ৰকাশ কৰিছে। অনুমান কৰা হৈছে যে- ফ্ৰান্সৰ পৰা সেই ইংগিত পোৱাৰ পিছতে ট্ৰাম্পে এই সামগ্ৰী দুবিধৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...