সুনীতা উইলিয়ামছৰ অৱসৰ! ভাৰতীয় মূলৰ এই মহাকাশচাৰীগৰাকীয়ে ২৭ বছৰীয়া কেৰিয়াৰত মহাকাশত কটালে ৬০৮ দিন

নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে অৱসৰ গ্ৰহণ কৰিছে। ৬০ বছৰীয়া আমেৰিকান মহাকাশচাৰীগৰাকীয়ে ২৭ বছৰীয়া কেৰিয়াৰৰ অন্তত ২৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিছিল। মঙলবাৰে মাৰ্কিন মহাকাশ সংস্থা নাছাই এক বিবৃতিত এই খবৰ প্ৰকাশ কৰে।

২০০৬ চনৰ ডিচেম্বৰ মাহত সুনীতাৰ প্ৰথম মহাকাশ উৰণ। ডিস্কভাৰী শ্বাটলত প্ৰথমে মহাকাশলৈ যাত্ৰা কৰিছিল সুনীতাই। সুনীতাই নাছাৰ ১৪/১৫ অভিযানৰ বিমান অভিযন্তা হিচাপেও কাম কৰিছিল। কেৱল সেয়াই নহয়, সমগ্ৰ অভিযানৰ সময়ছোৱাত চাৰিটা মহাকাশ ভ্ৰমণ কৰিও তেওঁ বিশ্ব অভিলেখ গঢ়িছিল। ২০১২ চনত দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ গৈছিল সুনীতা। ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীয়ে সেই ১২৭ দিনীয়া অভিযানত মহাকাশ কেন্দ্ৰৰ কামাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনত তেওঁৰ তৃতীয় আৰু অন্তিম অভিযান আছিল বয়িং ষ্টাৰলাইনাৰত মহাকাশ কেন্দ্ৰলৈ যোৱা। তেওঁৰ লগত আছিল আন এজন আমেৰিকান মহাকাশচাৰী বুচ উইলম’ৰ। সেইবাৰ ১০ দিনীয়া অভিযানৰ সময়ত যান্ত্ৰিক বিজুতিৰ বাবে প্ৰায় ১০ মাহ মহাকাশত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। অৱশেষত ২০২৫ চনৰ মাৰ্চ মাহত ২৮৬ দিনৰ মূৰত দুয়োগৰাকী পৃথিৱীলৈ উভতি আহিল।

সুনীতাই নিজৰ দীঘলীয়া কেৰিয়াৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ তিনিটা মিছন সম্পূৰ্ণ কৰিছে। নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনৰ ভাষাত, ‘সুনীতা উইলিয়ামছ হৈছে মানৱ মহাকাশ যাত্ৰাৰ অন্যতম অগ্ৰণী। মহাকাশ কেন্দ্ৰত ফলপ্ৰসূ নেতৃত্ব প্ৰদান কৰাৰ উপৰিও তেওঁ নিম্ন পৃথিৱীৰ কক্ষপথত বাণিজ্যিক অভিযানৰ পথো মুকলি কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ক্ষেত্ৰত সুনীতাৰ অৱদান আদৰ্শ, যিয়ে ভৱিষ্যত প্ৰজন্মক ডাঙৰ সপোন দেখিবলৈ আৰু অসম্ভৱক অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব।”

পদাৰ্থ বিজ্ঞানত স্নাতক সুনীতাই মেলবৰ্ণৰ ফ্ল’ৰিডা ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আমেৰিকাৰ নৌসেনাত যোগদান কৰে। হেলিকপ্টাৰ আৰু ফিক্সড উইং পাইলট হিচাপে ৪০খন বিমানত ৪ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতাও আছে। ১৯৯৮ চনত সুনীতাই নাছাত যোগদান কৰিছিল।

২৭ বছৰীয়া কেৰিয়াৰত মহাকাশত মুঠ ৬০৮ দিন কটায় সুনীতাই, যিটো নাছাৰ মহাকাশচাৰীৰ ইতিহাসত দ্বিতীয় দীঘলীয়া অভিলেখ। ইয়াৰ উপৰিও সুনীতাই ৬২ ঘণ্টা ৬ মিনিটৰ ৯টা মহাকাশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে, যিটো যিকোনো মহিলা মহাকাশচাৰীৰ সৰ্বাধিক। মহাকাশত মাৰাথন দৌৰা প্ৰথমগৰাকী ব্যক্তিও আছিল সুনীতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...