বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল মিচেলে মেন অৱ দ্য ছিৰিজৰ খিতাপ লাভ কৰিছে। তিনিখন মেচৰ শৃংখলাত তেওঁ দুটা শতক আৰু শতক অৰ্জন কৰে। ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত জয়লাভ কৰিছে নিউজিলেণ্ডে। ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে মিচেলক এক বিশেষ উপহাৰ দিলে।

কোহলীয়ে মিচেলক দিলে তেওঁৰ দ্বাৰা স্বাক্ষৰিত জাৰ্চি। ইন্দোৰত মেচৰ অন্তত কোহলীয়ে মিচেলৰ ফালে খোজ কাঢ়ি গৈ মিচেলক জাৰ্চিটো দিলে আৰু মিচেলেও হাঁহি এটি মাৰি গ্ৰহণ কৰিলে উপহাৰটি গ্ৰহণ কৰিলে। ক্ৰিকেটাৰ দুগৰাকীয়ে অলপ সময় কথা পাতিলে। ইয়াৰ পিছত কোহলীয়ে পুনৰ সতীৰ্থসকলৰ ওচৰলৈ উভতি আহে।

এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সকলোৱে কৈছে যে, সেইবাবেই কোহলী এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰ। বিৰোধীক সন্মান কৰিব জানে কোহলীয়ে। প্ৰতিপক্ষৰ কৃতিত্বক প্ৰশংসা কৰিব জানে কোহলীয়ে।

এদিনীয়া শৃংখলাখনিত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে মিচেলে। তিনিখন মেচত গড়ে ১৭৬ ৰান কৰি ৩৫২ ৰান সংগ্ৰহ কৰিছে মিচেলে। তেওঁ ভাৰতৰ মাটিত খেলা মাত্ৰ ৮ ইনিংছত চাৰিটা শতক অৰ্জন কৰিছে, যিটো আন কোনো বিদেশী বেটছমেনে কৰিব পৰা নাই।

ইন্দোৰত অনুষ্ঠিত ছিৰিজৰ ডিচাইডাৰত মিচেলৰ ১৩৭ ৰান আৰু গ্লেন ফিলিপছৰ শতকেৰে নিউজিলেণ্ডে ৩৩৭ ৰান সংগ্ৰহ কৰে। চেজত কোহলীৰ বাহিৰে টপ অৰ্ডাৰৰ কোনেও কোনো ৰান নাপালে। কোহলীয়ে ১২৪ ৰান সংগ্ৰহ কৰে। কিন্তু তেওঁৰ যুঁজখনে দলটোক জয়ী কৰাব নোৱাৰিলে। ৩৩৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ২৯৬ ৰানত অল আউট হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...