গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গঠন কৰিছে ‘শান্তি ব’ৰ্ড’। তেওঁ নিজেই এই আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ মুৰব্বী বুলি ঘোষণা কৰিছে। এইবাৰ আমেৰিকাই সেই মঞ্চত পাকিস্তানক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। এই সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈও ট্ৰাম্পে পত্ৰ প্ৰেৰণ কৰিছে। এই দাবী ইছলামাবাদৰ।

শনিবাৰে ‘নিউয়ৰ্ক টাইমছ’ৰ বাতৰি অনুসৰি আমেৰিকাই কেইবাখনো দেশৰ ৰাষ্ট্ৰপতিক এই ব’ৰ্ডৰ সদস্য হ’বলৈ আমন্ত্ৰণ জনাইছে। আৰ্জেণ্টিনা, কানাডা, ইজিপ্ত আৰু তুৰস্ক – এই চাৰিখন দেশে ইতিমধ্যে দাবী কৰিছে যে- তেওঁলোকে ট্ৰাম্পৰ আমন্ত্ৰণ লাভ কৰিছে। এইবাৰ ইছলামাবাদেও একে দাবী কৰিছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ তাহিৰ আন্দ্ৰাবীয়ে দেওবাৰে কয় যে- পাকিস্তানে ‘শান্তি ব’ৰ্ড’ত যোগদানৰ আনুষ্ঠানিক আমন্ত্ৰণ লাভ কৰিছে। তেওঁ লগতে কয়, “গাজাত শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে পাকিস্তান এই আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ সৈতে জড়িত হ’ব। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি এই আন্তঃৰাষ্ট্ৰীয় পদক্ষেপে পেলেষ্টাইন সমস্যাৰ স্থায়ী সমাধানৰ বাবে কাম কৰিব।” অৱশ্যে এই সন্দৰ্ভত তেওঁ বিতংভাৱে কোনো মন্তব্য নকৰিলে।

যোৱা বছৰৰ অক্টোবৰ মাহত ইজিপ্তত ‘গাজা শান্তি সন্মিলন’ অনুষ্ঠিত হৈছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজক নিমন্ত্ৰণ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱা হৈছিল যদিও সেই সময়ত মোদীয়ে ইজিপ্তলৈ যোৱা নাছিল। তাৰ পৰিৱৰ্তে ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙক মোদীৰ দূত হিচাপে ইজিপ্তলৈ প্ৰেৰণ কৰা হয়। সেই শান্তি সন্মিলনৰ পৰাও শ্বাহবাজে ট্ৰাম্পক প্ৰশংসা কৰিছিল। যোৱা অক্টোবৰ মাহত অনুষ্ঠিত হোৱা শান্তি সন্মিলনৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয়, “আজি পুনৰ মই এই মহান ৰাষ্ট্ৰপতিজনক শান্তি বঁটাৰ বাবে মনোনীত কৰিব বিচাৰিছো। কাৰণ, মই সঁচাকৈয়ে ভাবো যে তেওঁ (ট্ৰাম্প) শান্তি বঁটাৰ বাবে আটাইতকৈ যোগ্য আৰু উৎকৃষ্ট প্ৰাৰ্থী।”

শনিবাৰে হোৱাইট হাউছে কয় যে ‘শান্তি ব’ৰ্ড’ত কূটনীতি, উন্নয়নমূলক কাম আৰু অৰ্থনীতিৰ অভিজ্ঞতা থকা নেতাসকল অন্তৰ্ভুক্ত কৰা হৈছে। কোৱা হয় যে, গাজাত শান্তি পুনৰুদ্ধাৰৰ এই আন্তঃৰাষ্ট্ৰীয় পদক্ষেপলৈ প্ৰায় ৬০খন দেশৰ ৰাষ্ট্ৰপতিসকলক আমন্ত্ৰণ জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...