৯০০ কোটি টকাৰ সম্পত্তিৰ মালিক এজন CA! ৩ ৰাজ্যৰ বহু ঠিকনাত অনুসন্ধান অভিযান EDৰ

EDয়ে ৰাঁচীৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA)ৰ ৯০০ কোটি টকাৰ সম্পত্তিৰ সন্ধান উলিয়াইছে। মঙলবাৰে পুৱাৰে পৰা কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ কেইবাটাও দলে CA নৰেশ কুমাৰ কেজৰিৱালৰ বিভিন্ন ঠিকনাত অভিযান চলাই আছে৷ কেৱল ৰাঁচীতেই নহয়, EDয়ে মুম্বাই আৰু চুৰাটতো তালাচী চলাই আছে। সূত্ৰৰ পৰা জানিব পৰা মতে, নৰেশৰ এটা ঠিকনাৰ পৰা ইতিমধ্যে কেইবা কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে।

EDৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নৰেশে হাৱালাৰ জৰিয়তে বহিঃৰাজ্যত কোটি কোটি টকা লুণ্ঠন কৰিছে। দেশৰ তিনিখন চহৰত পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আৰু বেনামীভাৱে বহু সম্পত্তি থকাৰ কথা পোহৰলৈ আহিছে। এতিয়া তদন্তকাৰীয়ে সেই সম্পত্তিৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিছে। এক তদন্তকাৰী সূত্ৰৰ মতে, CA নৰেশৰ বিৰুদ্ধে আৰ্থিক অপব্যৱহাৰৰ বাবে নহয়, বৈদেশিক মুদ্ৰা আইনৰ অধীনত গোচৰ ৰুজু কৰি তালাচী চলোৱা হৈছে। অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত নৰেশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। সেই গোচৰটো আয়কৰ বিভাগৰ পৰা EDৰ ওচৰ পালেহি।

সূত্ৰ অনুসৰি তেওঁ সংযুক্ত আৰব আমিৰশ্বাহী, নাইজেৰিয়া আৰু আমেৰিকাত বেনামীভাৱে কেইবাটাও সম্পত্তি পৰিচালনা কৰে। ইয়াৰে তদন্তকাৰী সংস্থাই শেহতীয়াকৈ ১৫০০ কোটি টকাৰ সম্পত্তিৰ উমান পাইছে। EDয়ে নৰেশক নিজৰ জিম্মাত লৈ বিদেশত তেওঁৰ ক’ত আৰু কিমান সম্পত্তি আছে, আৰু ইয়াৰ বৰ্তমানৰ বজাৰ মূল্য কিমান সেই কথা জানিব বিচাৰিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ থানাত নৰেশৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...