ভাৰতৰ নতুন ৰান মেচিন; কেৱল শতক নহয়, দ্বি-শতকেৰে সজাইছে স্ক’ৰবোৰ্ড

কৰ্ণাটক দলত এনে এজন বেটছমেনে খেলি আছে যিয়ে প্ৰতিখন মেচতে ৰানৰ বৰষুণ আনিছে। এই খেলুৱৈজন ‘কৰ্ণাটকৰ ৰান মেচিন’লৈ পৰিণত হৈছে, যিয়ে কেৱল শতক নহয়, দ্বি-শতকেৰে সজাইছে স্ক’ৰবোৰ্ড।

তেওঁৰ নাম ৰবিচন্দ্ৰন স্মৰণ, যিয়ে চণ্ডীগড়ৰ বিৰুদ্ধে অসাধাৰণ দ্বি-শতক কৰিছে। বাওঁহতীয়া এই বিস্ফোৰক বেটছমেনজনে হুবলীৰ ভূমিত অসাধাৰণ বেটিং কৰি অপৰাজিত ২২৭ ৰান সংগ্ৰহ কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ স্ক’ৰো।

স্মৰণৰ নিজৰ ইনিংছত আছে ২টা SIX আৰু ১৬টা Four। স্মৰণৰ এই ইনিংছৰ জোৰতে কৰ্ণাটকে প্ৰথম ইনিংছত ৫৪৭ ৰান কৰিবলৈ সক্ষম হৈছে।

এই ছিজনত ৰবিচন্দ্ৰন স্মৰণে অসাধাৰণ প্ৰদৰ্শন কৰিছে। ৫খন মেচত এইজন খেলুৱৈয়ে ৫৯৫ ৰান সংগ্ৰহ কৰিছে। স্মৰণে এই ছিজনত দুটা দ্বি-শতক কৰিছে আৰু কেৱল ১৩খন ফাৰ্ষ্ট ক্লাছ মেচত এইজন খেলুৱৈয়ে তিনিটা দ্বি-শতক কৰিবলৈ সক্ষম হৈছে।

ৰবিচন্দ্ৰন স্মৰণ এই ছিজনৰ দুয়োটা দ্বি-শতকতে অপৰাজিত আছিল। এই বছৰ ৰেড বল ক্ৰিকেটত Average ১১৫ আৰু তেওঁ সংগ্ৰহ কৰিছে ১০৩৫ ৰান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...