ভাৰতীয় তীৰ্থযাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিব পাকিস্তান ৰে’লৱেই! পাকিস্তান ৰে’লৱেই কৰিলে এটা ডাঙৰ কাণ্ড

পাকিস্তান ৰে’লৱেৰ এটা ডাঙৰ কাণ্ড পোহৰলৈ আহিছে। পাকিস্তান ৰে’লৱেয়ে ট্ৰেইনৰ দূৰত্ব বৃদ্ধি কৰি ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলৰ পৰা অধিক ভাড়া আদায় কৰিছে।

ডন উৰ্দুৰ বাতৰি অনুসৰি, ননকানা ছাহিব আৰু কৰাচী ভ্ৰমণলৈ অহা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ সৈতে পাকিস্তান ৰে’লৱেয়ে প্ৰতাৰণা কৰিছে। এই ঘটনাৰ পোহৰলৈ তেতিয়াহে হৈছিল যেতিয়া সংসদৰ ৰে’লৱে সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। সমিতিয়ে দেখিছে যে, সাধাৰণ ট্ৰেইনৰ তুলনাত তীৰ্থযাত্ৰীসকলৰ বাবে চলোৱা ট্ৰেইনৰ পৰা অধিক ভাড়া আদায় কৰা হৈছে।

National Assembly of Pakistanৰ বৈঠকত সঞ্চালক ৰমেশ কুমাৰে ৰে’লৱেৰ CEOক তীব্ৰ ভৎৰ্সনা কৰে। ৰমেশ কুমাৰৰ মতে, ৰে’লৱেয়ে তীৰ্থযাত্ৰীসকলৰ পৰা ১০ লাখ টকা অতিৰিক্ত আদায় কৰিছে। বিলত হেৰ-ফেৰ কৰি ৰে’লৱেয়ে এই অতিৰিক্ত ভাড়া আদায় কৰিছে।

National Assembly of Pakistanৰ মতে, কৰ্তাৰপুৰ কৰিডৰৰ জৰিয়তে পাকিস্তানৰ অন্যান্য অঞ্চলত ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকলৰ সৈতে ৰে’লৱেয়ে যি ব্যৱহাৰ কৰিছে, সেইটো ক্ষমাযোগ্য নহয়। ইয়াৰ ফলত পাকিস্তানৰ ছবি ক্ষতিগ্ৰস্ত হৈছে।

সমিতিয়ে ৰে’লৱেক কৈছে যে, তৎকালীনভাৱে ক্ষমা বিচৰক আৰু যিকল যাত্ৰীয়ে ইয়াত ভ্ৰমণ কৰি গৈছে, তেওঁলোকৰ ধন ঘূৰাই দিয়ক। সমিতিয়ে পাকিস্তান ৰে’লৱেক কৈছে যে, যদি এনে নকৰা হয় তেন্তে আগলৈ কঠোৰ ব্যৱস্থা লোৱা হ’ব। সংসদৰ সমিতিয়ে ৰে’লৱেৰ CEOক অপসাৰণৰো সতৰ্কবাণী দিছে।

সম্পূৰ্ণ ঘটনাত ৰে’লৱেয়ে ব্যৱস্থা লোৱাৰ কথা কৈছে। ৰে’লৱেৰ মতে, নিম্ন স্তৰত এই কাণ্ড সংঘটিত হৈছে। আমি ইয়াক শুধৰাই ল’ম। যি বিষয়া দায়ী, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ম। আমি এই বিষয়টো সমিতিৰ নিৰ্দেশ অনুসৰি সমাধান কৰিম।

আনহাতে, National Assembly of Pakistanৰ মতে, এই বিষয়টোক দবাই ৰখা নহ’ব আৰু কোনেও দবাব নোৱাৰিব। ৰে’লৱেয়ে যদি উচিত পদক্ষেপ নলয় তেন্তে সদনত বিশেষাধিকাৰ প্ৰস্তাৱ অনা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...