ভাৰতৰ নতুন ৰান মেচিন; কেৱল শতক নহয়, দ্বি-শতকেৰে সজাইছে স্ক’ৰবোৰ্ড

কৰ্ণাটক দলত এনে এজন বেটছমেনে খেলি আছে যিয়ে প্ৰতিখন মেচতে ৰানৰ বৰষুণ আনিছে। এই খেলুৱৈজন ‘কৰ্ণাটকৰ ৰান মেচিন’লৈ পৰিণত হৈছে, যিয়ে কেৱল শতক নহয়, দ্বি-শতকেৰে সজাইছে স্ক’ৰবোৰ্ড।

তেওঁৰ নাম ৰবিচন্দ্ৰন স্মৰণ, যিয়ে চণ্ডীগড়ৰ বিৰুদ্ধে অসাধাৰণ দ্বি-শতক কৰিছে। বাওঁহতীয়া এই বিস্ফোৰক বেটছমেনজনে হুবলীৰ ভূমিত অসাধাৰণ বেটিং কৰি অপৰাজিত ২২৭ ৰান সংগ্ৰহ কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ স্ক’ৰো।

স্মৰণৰ নিজৰ ইনিংছত আছে ২টা SIX আৰু ১৬টা Four। স্মৰণৰ এই ইনিংছৰ জোৰতে কৰ্ণাটকে প্ৰথম ইনিংছত ৫৪৭ ৰান কৰিবলৈ সক্ষম হৈছে।

এই ছিজনত ৰবিচন্দ্ৰন স্মৰণে অসাধাৰণ প্ৰদৰ্শন কৰিছে। ৫খন মেচত এইজন খেলুৱৈয়ে ৫৯৫ ৰান সংগ্ৰহ কৰিছে। স্মৰণে এই ছিজনত দুটা দ্বি-শতক কৰিছে আৰু কেৱল ১৩খন ফাৰ্ষ্ট ক্লাছ মেচত এইজন খেলুৱৈয়ে তিনিটা দ্বি-শতক কৰিবলৈ সক্ষম হৈছে।

ৰবিচন্দ্ৰন স্মৰণ এই ছিজনৰ দুয়োটা দ্বি-শতকতে অপৰাজিত আছিল। এই বছৰ ৰেড বল ক্ৰিকেটত Average ১১৫ আৰু তেওঁ সংগ্ৰহ কৰিছে ১০৩৫ ৰান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...