ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে সেই ৰাজ্যত হ’বলগীয়া ৰঞ্জি ট্ৰফীৰ পৰৱৰ্তী খেলৰ বাবে অসমৰ দলটো ঘোষণা কৰিছে। দলটোত থাকিব ডেনিছ দাস (অধিনায়ক), সুমিত ঘাদিগাওকাৰ (উপ-অধিনায়ক), শিৱ শংকৰ ৰায়, স্বৰূপম পুৰকায়স্থ, প্ৰদ্যুন শইকীয়া, ৰাহুল সিং, অভিনৱ চৌধুৰী, আব্দুল আজিজ কুৰাইচী, মুখতাৰ হুছেইন, পাৰভেজ মুচাৰফ, আয়ুষ্মান মালাকাৰ, ভাৰ্গৱ প্ৰতিম লহকৰ, ঋতুৰাজ বিশ্বাস, দৰ্শন ৰাজবংশী আৰু অভিষেক ঠাকুৰি (উইকেটকীপাৰ।

সহায়ক ষ্টাফ : মুখ্য প্ৰশিক্ষক – নোৱেল ডেভিদ, প্ৰশিক্ষক – ৰাজীব ৰাজবংশী, ফিজিঅ’থেৰাপিষ্ট – ভীষ্ম প্ৰতাপ সিং;
ট্ৰেইনাৰ – ভাস্কৰ বৰা, প্ৰদৰ্শন বিশ্লেষক – ৰাজেশ শৰ্মা, থ্ৰ’ডাউন বিশেষজ্ঞ – বিবেক ছালুনখে আৰু মালিচকাৰী – হৰি কৃষ্ণন।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...