অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত থকা উৎক্ষেপণ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হ’ল ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ নিৰ্মিত কৃত্ৰিম উপগ্ৰহ ‘চিএমএছ-০৩’। দেওবাৰে আবেলি ৫ বাজি ২৬ মিনিটত নিৰ্ধাৰিত সময়তে উৎক্ষেপণ কৰা হ’ল এই কৃত্ৰিম উপগ্ৰহটো। ৪,৪১০ কেজি ওজনৰ এই কৃত্ৰিম উপগ্ৰহটোক মহাকাশলৈ কঢ়িয়াই নিব ভাৰতৰ নিৰ্মিত এলভিএম৩-এম৫ ৰকেটে। ভাৰতৰ মাটিৰ পৰা জিঅ’চিংক্ৰ’নাছ ট্ৰান্সফাৰ অৰ্বিট (জিটিঅ’)-ত স্থাপন কৰা হ’ব উপগ্ৰহটোক।
ইছৰোৱে ইয়াৰ আগতে প্ৰায় পাঁচ হেজাৰ কেজিতকৈও অধিক ওজনৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছে। কিন্তু সেইসমূহ ভাৰতৰ মাটিৰ পৰা প্ৰেৰণ কৰা হোৱা নাছিল। ২০১৮ চনৰ ডিচেম্বৰত ফৰাচী সংস্থা ‘এৰিয়ানস্পেচ’ৰ সহায়ত ৫,৮৫৪ কেজি ওজনৰ কৃত্ৰিম উপগ্ৰহ জিচ্যাট-১১ মহাকাশলৈ প্ৰেৰণ কৰিছিল ভাৰতে। সেইটো উৎক্ষেপণ কৰা হৈছিল দক্ষিণ আমেৰিকাৰ ফৰাচী ভূখণ্ড ফ্ৰেঞ্চ গায়ানাৰ কুৰুৰ পৰা। সেই সময়ত ইছৰোৰ কৃত্ৰিম উপগ্ৰহটোক মহাকাশলৈ কঢ়িয়াই নিছিল ‘এৰিয়েন-৫ ভিএ-২৪৬’ ৰকেটে।
এইবাৰ ৪,৪১০ কেজি ওজনৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিলে ইছৰোৱে। ভাৰতৰ মাটিৰ পৰা ইয়াৰ আগতে ইমান গধুৰ কোনো কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হোৱা নাছিল। এই উৎক্ষেপণৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল, ভাৰতত নিৰ্মিত ৰকেটেৰে এই উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। গধুৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিব পৰা এই ৰকেটখনক ইছৰোৰ বিজ্ঞানীসকলে নাম দিছে ‘বাহুবলী’। ইছৰোৰ এই ‘বাহুবলী’ ৰকেটৰ দৈৰ্ঘ্য প্ৰায় ৪৩ মিটাৰ।
এই কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিব পৰা এলভিএম৩ ৰকেটসমূহৰ ভিতৰত এইটো পঞ্চম সংস্কৰণ। ই চাৰি হেজাৰ কেজিতকৈও অধিক ওজনৰ কৃত্ৰিম উপগ্ৰহক কম খৰচত জিটিঅ’-ত কঢ়িয়াই নিব পাৰে। সংবাদ সংস্থা পিটিআইৰ বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, এই কৃত্ৰিম উপগ্ৰহটোক যিবোৰ কামত ব্যৱহাৰ কৰা হ’ব, তাৰ ভিতৰত অন্যতম হৈছে সামৰিক নজৰদাৰি। যদিও ইছৰোৰ ফালৰ পৰা এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা হোৱা নাই। ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই জনোৱা অনুসৰি, চিএমএছ-০৩ হৈছে যোগাযোগৰ বাবে এক বহুমাত্ৰিক কৃত্ৰিম উপগ্ৰহ। ভাৰতীয় ভূখণ্ডৰ লগতে ভাৰত মহাসাগৰীয় বিস্তীৰ্ণ এলেকাত ই সেৱা আগবঢ়াব বুলি জনাইছে ইছৰোৱে।
