সম্প্রতি বাংলাদেশ ভ্রমণৰত পাকিস্তানৰ যুটীয়া চীফ অব স্টাফ কমিটিৰ অধ্যক্ষ জেনেৰেল শাহিব শ্বামচ্ছাদ মির্জাক ঢাকাত প্রদান কৰা ‘আর্ট অব ট্রিয়াম্ফ’ নামৰ গ্ৰন্থখনৰ বেটুপাতত বাংলাদেশৰ মানচিত্রত অসম তথা উত্তৰ পূৰ্বাঞ্চলক অন্তর্ভুক্ত কৰা ঘটনাৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে হিন্দু যুব-ছাত্র পৰিষদ, অসমে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ কেন্দ্রীয় ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস আৰু সাধাৰণ সম্পাদক অংশুমান শর্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে বাংলাদেশৰ দৰে এখন দুর্বল দেশে এনে স্পৰ্দ্ধা কৰিবলৈ সাহস কৰিছে। বাংলাদেশত হিন্দুৰ ওপৰত চলা নির্যাতন, অন্যায়ভাৱে ভাৰতৰ পৰা ১০,৬০০ একৰ ভূমি দখল কৰা, ৰংপুৰ, চিটাগং আৰু শ্রীহট্ট (বর্তমান চিলেট জিলা) দখল কৰা, অসমৰ বিছিন্নতাবাদী সংগঠন আলফাকে ধৰি বিভিন্ন মৌলবাদী সংগঠনক নিজ দেশত ঘাটি স্থাপন কৰিবলৈ দিয়া কাৰ্যৰ দৰে বহু প্রমাণ থকা স্বত্ত্বেও এই দেশখনৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ এনে নবম স্থিতিয়ে বাংলাদেশক এইদৰে মুকলি প্রত্যাহ্বান জনাবলৈ উৎসাহিত কৰিছে বুলি দাস আৰু শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। একেটা বিবৃতিতে দাস আৰু শৰ্মাই কয় যে অসমত ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন চৰকাৰৰ কালছোৱাত অসম ভ্ৰমণৰত তদানীন্তন বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদৰ সম্মুখতে বাংলাদেশৰ চৰকাৰৰ শত্রুতামূলক আচৰণৰ বিৰোধীতাৰে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে গণতান্ত্রিক প্রতিবাদ সাব্যস্ত কৰোতে পৰিষদৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা বলেন বৈশ্যসহ পৰিষদৰ আঠজনকৈ কেন্দ্রীয় নেতাক দাগী অপৰাধীৰ দৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী কৰি থৈছিল। কেন্দ্র তথা ৰাজ্য চৰকাৰৰ এনে অহেতুক বাংলাদেশপ্রীতিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অশনি সংকট কঢ়িয়াই আনিছে বুলি দাস আৰু শৰ্মাই মন্তব্য কৰে। ইতিমধ্যেই অসম-উত্তৰ পূৰ্বাঞ্চলক চীনে নিজৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰা ঘটনাৰ খবৰ মাৰ নাযাওতেই বাংলাদেশৰ সেই একেই স্থিতিয়ে পুনৰ প্ৰমাণ কৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্ধকাৰময় ভবিষ্যত। ইছলামিক মৌলবাদৰ পৃষ্ঠপোষক শান্তিৰ নবেল বঁটা পোৱা মহম্মদ ইউনিছে ইতিমধ্যেই অসম-উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে চীনৰ সৈতেও কু-অভিসন্ধি ৰচিছে বুলিও দাবী কৰিছে সংগঠনটোৱে। বিবৃতিটোৰ শেষত অতি সম্প্রতি চুবুৰীয়া দেশসমূহত চলি যোৱা ধ্বংসলীলা ঘটনাৰ উদ্ধৃতি দাঙি ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বৰ্তমানে লোৱা উদাসীন চৰিত্ৰৰ বিপৰীতে অধিক কঠোৰ আৰু সষ্টম হোৱাৰহে প্রয়োজন আছে বুলি দাস আৰু শৰ্মাই মতপোষণ কৰে।
