হাৰিকেন মেলিছা : ঘণ্টাত ২৯৫ কিঃমিঃ বেগেৰে বতাহ বলিছে জামাইকাত!

দক্ষিণ-পশ্চিম জামাইকাত হাৰিকেন মেলিছাৰ তাণ্ডৱ। ঘণ্টাত ২৯৫ কিলোমিটাৰ বেগেৰে বলিছে বতাহ। এই কথা জনাইছে আমেৰিকাৰ নেচনেল হাৰিকেন চেণ্টাৰে। এই শক্তিশালী ঘূৰ্ণিবতাহক কেটেগৰি-৫ বুলি চিহ্নিত কৰা হৈছে। ১৭৪ বছৰত এনে ভয়ংকৰ ধুমুহা দেখা নাই জামাইকাই।

লেণ্ডফলৰ আগতেই হাৰিকেনৰ প্ৰভাৱত কেৰিবিয়ান দ্বীপপুঞ্জত মৃত্যু হৈছে সাত জনৰ। তেওঁলোকৰ মাজত তিনিজনেই জামাইকাৰ বাসিন্দা। হাইতিত মৃত্যু হৈছে তিনিজনৰ। ধুমুহাৰ বাবে বাসিন্দাসকলক বাৰে বাৰে সতৰ্ক কৰিছে প্ৰশাসনে। তেওঁলোকৰ আশংকা, এই ধুমুহাৰ ফলত বিপুল ক্ষয়ক্ষতি আৰু প্ৰাণহানি হ’ব পাৰে। জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰিউ হ’লনেছে জনাইছে যে, মেলিছাৰ মোকাবিলা কৰিব পৰা ধৰণৰ পৰিকাঠামো দেশত নাই। সেয়েহে তেওঁ নাগৰিকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে।

জামাইকাত ধুমুহাৰ প্ৰকোপত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে অধিকাংশ এলেকাত। অন্ধকাৰত আছে দুই লক্ষাধিক মানুহ। অধিকাংশ চিকিত্সালয়ত বিদ্যুতৰ যোগান ব্যাহত হৈ পৰিছে। এই ঘূৰ্ণিধুমুহাজাক ইমান শক্তিশালী যে, সমুদ্ৰত বহু উচ্চতাৰ ঢৌৰ সৃষ্টি হৈছে। লেণ্ডফলৰ সময়ত হাৰিকেনৰ কেটেগৰি থাকিব পাঁচ। দ্বীপৰ ওপৰেৰে যোৱাৰ সময়ত ইয়াৰ শক্তি কমি কেটেগৰি-৪লৈ যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...