ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে দেশৰ বেংকিং ব্যৱস্থাত বৃহৎ সংস্কাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে। RBIয়ে ২৩৮টা নতুন বেংকিং নিয়মৰ খচৰা জনসাধাৰণৰ বাবে প্ৰকাশ কৰিছে আৰু এই নিয়মৰ ওপৰত ১০ নৱেম্বৰলৈকে পৰামৰ্শ বিচৰা হৈছে। জনসাধাৰণ আৰু বেংকিং প্ৰতিষ্ঠানৰ মতামতৰ ভিত্তিত এই নিয়মসমূহ ২০২৬ৰ আৰম্ভণিৰ পৰা কাৰ্যকৰী কৰা হ’ব পাৰে। এই প্ৰস্তাৱিত পৰিৱৰ্তনৰ লক্ষ্য হৈছে গ্ৰাহকৰ সুৰক্ষা বৃদ্ধি, বেংকিং সেৱা সহজ কৰা আৰু বেংকৰ দায়বদ্ধতা নিৰ্ধাৰণ কৰা।
চাইবাৰ জালিয়াতিৰ ওপৰত কঠোৰ নীতি
RBIয়ে কৈছে যে যদি কোনো গ্ৰাহকৰ একাউণ্টত চাইবাৰ জালিয়াতি সংঘটিত হয় আৰু তেওঁ তিনি দিনৰ ভিতৰত বেংকক এই বিষয়ে জনায়, তেন্তে গ্ৰাহকে কোনো ক্ষতি বহন কৰিব নালাগিব। ইয়াৰ উপৰিও, যদি বেংকে এনে ক্ষেত্ৰত সময়মতে ব্যৱস্থা নলয়, তেন্তে তেওঁলোকৰ ওপৰত ২৫,০০০ টকালৈকে জৰিমনা আৰোপ কৰা হ’ব। ইয়াৰ ফলত বেংকসমূহক চাইবাৰ সুৰক্ষাৰ প্ৰতি অধিক সতৰ্ক হ’বলৈ বাধ্য কৰিব।
লকাৰৰ বিবাদত গ্ৰাহকৰ সুবিধা
লকাৰৰ সৈতে জড়িত বিবাদতো গ্ৰাহকৰ স্বাৰ্থত ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। যদি বেংকৰ অৱহেলা বা সুৰক্ষা ত্ৰুটিৰ বাবে কোনো গ্ৰাহকৰ লকাৰ চুৰি বা ক্ষতিগ্ৰস্ত হয়, তেন্তে বেংকে লকাৰৰ ভাড়াৰ ১০০ গুণ পৰ্যন্ত ক্ষতিপূৰণ দিব লাগিব।
KYC প্ৰক্ৰিয়া সৰলীকৰণ
নতুন নিয়মত KYC (Know Your Customer) প্ৰক্ৰিয়াক অধিক সৰল কৰা হৈছে। সাধাৰণ একাউণ্টৰ বাবে প্ৰতি ১০ বছৰৰ মূৰে মূৰে KYC কৰিব লাগিব। মধ্যমীয়া একাউণ্টৰ বাবে প্ৰতি ৮ বছৰত আৰু অতিকৈ লেনদেন হোৱা গ্ৰাহকৰ বাবে প্ৰতি ২ বছৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ ফলত গ্ৰাহকসকলে বাৰে বাৰে নথিপত্ৰ জমা দিয়াৰ হেঁচাৰ পৰা মুক্তি পাব।
ঋণৰ নিয়মত সংস্কাৰ
ঋণৰ ক্ষেত্ৰতো গ্ৰাহকসকলৰ বাবে ডাঙৰ সুবিধাৰ প্ৰস্তাৱ দিয়া হৈছে। এতিয়া সকলো বেংকে সুতৰ হাৰ নিৰ্ধাৰণৰ বাবে একেটা সূত্ৰ গ্ৰহণ কৰিব লাগিব, যাতে স্বচ্ছতা থাকে। ইয়াৰ উপৰিও, সকলো ঋণৰ ক্ষেত্ৰত প্ৰিপেমেণ্ট পেনাল্টি (ঋণ আগতীয়াকৈ পৰিশোধৰ জৰিমনা) সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব। ইয়াৰ ফলত গ্ৰাহকসকলে কোনো অতিৰিক্ত মাচুল অবিহনে সময়ৰ আগত ঋণ পৰিশোধ কৰিব পাৰিব।
বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ সুবিধা
৭০ বছৰ বা তাতকৈ অধিক বয়সৰ গ্ৰাহকৰ বাবে ঘৰত বহি বেংকিং সেৱা প্ৰদানৰ প্ৰস্তাৱ ৰখা হৈছে। অৰ্থাৎ তেওঁলোকে বেংকৰ শাখালৈ যাব নালাগে; বেংকৰ কৰ্মচাৰীয়ে ঘৰলৈ গৈ প্ৰয়োজনীয় সেৱা প্ৰদান কৰিব।
নতুন নিয়ম কেতিয়া কাৰ্যকৰী হ’ব?
RBIয়ে কৈছে যে, জনসাধাৰণ আৰু বেংকৰ পৰামৰ্শ বিবেচনা কৰি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ১ এপ্ৰিলৰ ভিতৰত এই নতুন নিয়মসমূহ পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব। এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী হোৱাৰ পিছত বেংকিং খণ্ডত স্বচ্ছতা বৃদ্ধি পাব, গ্ৰাহকৰ অভিজ্ঞতা উন্নত হ’ব আৰু বেংকিং ব্যৱস্থা অধিক দায়িত্বশীল হ’ব।
