ভাৰতীয় সেনাত নীৰজ চোপ্ৰাৰ পদোন্নতি; লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা

ভাৰতৰ ‘গোল্ডেন বয়’ হিচাপে পৰিচিত জেভলিন থ্ৰ’ তাৰকা নীৰজ চোপ্ৰাই এটা ডাঙৰ সন্মান লাভ কৰিছে। দেশৰ নাম উজ্জ্বল কৰাৰ বাবে তেওঁক টেৰিট’ৰিয়েল আৰ্মীত সন্মানীয় লেফটেনেণ্ট কৰ্ণেলৰ উপাধিৰে সন্মানিত কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্থলসেনাৰ মুৰব্বী উপেন্দ্ৰ দ্বিবেদীয়ে দিল্লীত নীৰজক এই সন্মান প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ছুবেদাৰ মেজৰ আছিল। টকিঅ’ অলিম্পিকত সোণৰ পদক আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক জয়ী নীৰজ চোপ্ৰাই বিগত ৯ বছৰ ধৰি ভাৰতীয় সেনাৰ সৈতে জড়িত হৈ আছে।

লেফটেনেণ্ট কৰ্ণেল হ’ল নীৰজ চোপ্ৰা

নীৰজ চোপ্ৰাক তেওঁৰ ক্ৰীড়াৰ সাফল্যৰ বাবে ভাৰতীয় সেনাই ১৪ মে’ ২০২৫ত টেৰিট’ৰিয়েল আৰ্মীত সন্মানীয় লেফটেনেণ্ট কৰ্ণেলৰ উপাধি প্ৰদান কৰিছিল, যি ১৬ এপ্ৰিল ২০২৫ৰ পৰা কাৰ্যকৰী হৈছে। ২০১৬ৰ পৰা ভাৰতীয় সেনাত চামিল হৈ থকা নীৰজে এই বছৰৰ মে’ মাহত ছুবেদাৰ মেজৰ পদৰ পৰা পদত্যাগ কৰিছিল। কাৰণ, ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা মে’ মাহত নীৰজক লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় ৰেংক প্ৰদানৰ অধিসূচনা জাৰি কৰা হৈছিল, আৰু সেনাত নিয়ম অনুসৰি একেলগে দুটা ভিন্ন পদত থাকিব নোৱাৰি। এতিয়া তেওঁক নতুন পদ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে, ভাৰতৰ এগৰাকী বিখ্যাত ক্ৰিকেটাৰো টেৰিট’ৰিয়েল আৰ্মীত সন্মানীয় লেফটেনেণ্ট কৰ্ণেল হিচাপে জড়িত হৈ আছে।

নীৰজে ২৬ আগষ্ট ২০১৬ত নায়ব ছুবেদাৰ হিচাপে সেনাত যোগদান কৰিছিল। তাৰ পিছত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ২০২১ত ছুবেদাৰ আৰু ২০২২ত ছুবেদাৰ মেজৰ হিচাপে পদোন্নতি লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...