অহা বছৰ নতুন দিল্লীত প্ৰদৰ্শন কৰা হ’ব বিহু, ঝুমইৰ, বাগৰুম্বাকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি: মুখ্যমন্ত্রী

‘ঝুমইৰ বিনন্দিনী’ত অংশগ্ৰহণকাৰী শিল্পী, প্রশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যক প্রশস্তি-পত্র আৰু মাননি প্ৰদানৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

চাহ বাগিচাৰ ল’ৰা-ছোৱালীয়ে পঢ়ি চিকিৎসক, অভিযন্তা, অধ্যাপক, বিজ্ঞানী হ’ব লাগিবঃ ড° শর্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ‘ঝুমইৰ বিনন্দিনী’ত অংশগ্রহণকাৰী শিল্পী, প্রশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্রশস্তি-পত্ৰ আৰু মাননি প্ৰদানৰ শুভাৰম্ভ কৰে। শিল্পীসকলক দক্ষতাৰ প্ৰমাণপত্ৰও প্রদান কৰা হয়। বিশেষজ্ঞ সমিতিৰ ২৯ গৰাকী সদস্য, ৭৫৩৯ গৰাকী শিল্পী আৰু ৩৫৮ গৰাকী প্রশিক্ষক বা মাষ্টাৰ ট্রেইনাৰে যোৱা ২৪ ফেব্ৰুৱাৰীত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ‘ঝুমইৰ বিনন্দিনী’ৰ সফল ৰূপায়ণ কৰিছিল। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে ২৭খন জিলাৰ ভিতৰত ২৪ খন জিলাৰ বিশেষজ্ঞ কমিটীৰ সদস্য, প্রশিক্ষক আৰু শিল্পীসকলক মাননি আৰু প্ৰশক্তি পত্ৰ প্ৰদান কৰা হয়। বৰাক উপত্যকাৰ শিল্পীসকলক পৰৱৰ্তী সময়ত সন্মানিত কৰা হ’ব। বিশেষজ্ঞ সমিতিৰ সদস্যসকলক ৫০ হাজাৰ টকাকৈ, প্রশিক্ষক আৰু শিল্পীসকলক ২৫ হাজাৰ টকাকৈ তেওঁলোকৰ বেংক একাউন্টলৈ পেনাপটীয়াকৈ প্ৰদান কৰা হয়। আনহাতে, একেটা অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শর্মাই প্রধানমন্ত্রী চাহ শ্রমিক প্রোৎসাহন যোজনাৰ অধীনত ৰাজ্যৰ ৩০ খন জিলাৰ চাহ-বাগিচাৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৮০ খন সঞ্জীৱনী বাহনৰ শুভাৰম্ভণি কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে ঝুমইৰ হৈছে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ জীৱনৰ উদ্যম আৰু দৃঢ়তাৰ অনন্য প্রতীক। ই হৈছে চাহ জনগোষ্ঠী আৰু আদিবাসী সংস্কৃতিৰ প্ৰাণস্পন্দন আৰু চহকী ঐতিহ্যৰ স্বাক্ষৰ। সাম্প্রতিক সাংস্কৃতিক প্রেক্ষাপটত ঝুমইৰ নৃত্যই স্বকীয় বৈশিষ্ট্যৰে অসমীয়া সংস্কৃতিৰ ধাৰাটো অধিক খৰস্রোতা কৰি তোলাত অৰিহণা যোগাইছে। তেওঁ কয় যে ঝুমইৰ নৃত্যৰ গুৰুত্ব উপলব্ধি কৰি আৰু অসমীয়া জনজীৱনলৈ ইয়াৰ বৰঙণিক সন্মান জনাই যোৱা ২৪ ফেব্ৰুৱাৰীত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্রায় ৮ হাজাৰ শিল্পীৰ জৰিয়তে ঝুমইৰ প্ৰদৰ্শন কৰা হৈছিল।

চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে কপালৰ ঘাম মাটিত পেলাই বিগত দুশ বছৰ ধৰি চাহ শ্রমিকসকলে অসম মাতৃৰ সেৱা কৰি আহিছে। চাহ বাগিচাৰ যুৱক-যুৱতীয়ে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্রহণ কৰিছে। অসমৰ ভাষা-সংস্কৃতিক তেওঁলোকে চহকী কৰিছে। বিহুৰ দৰে ঝুমইৰেও অসমৰ জাতীয় জীৱনত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চাহ মজদুৰসকলে অসম ভূমিৰ বন্দনা কৰি গোৱা গীতৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এই গীতসমূহত অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু শ্রদ্ধা প্রকাশ পায়।

চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ বাবে বৰ্তমানৰ চৰকাৰখনে বহু খিনি কাম কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চাহ বাগিচা এলেকাত ১২০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে। অহা জানুৱাৰী মাহত আন ১০০খন হাইস্কুল স্থাপন কৰা হ’ব। চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্রমত ৩০ খন আসন সংৰক্ষণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত অন্যান্য পিছপৰা শ্ৰেণীৰ কোটাৰ অন্তৰ্গত ৩ শতাংশ পদ সংৰক্ষণ কৰা হৈছে। চাহ বাগিচা এলেকাত মহাপ্রভু জগন্নাথ কমিউনিটি প্রেক্ষাগৃহ তথা দক্ষতা কেন্দ্র স্থাপন কৰা হৈছে। চাহ বাগিচাৰ লাইনৰ পথ পকীকৰণ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। চাহ জনগোষ্ঠী লোকসকলৰ বেংক একাউন্ট খোলা, তেওঁলোকৰ বাবে আধাৰৰ ব্যৱস্থা কৰা, চাহ বাগিচাত কৰ্মৰত গৰ্ভৱতী মহিলাক ১৫ হাজাৰ টকাকৈ মজুৰি ক্ষতিপূৰণ প্ৰদান কৰি অহা হৈছে বুলি তেওঁ কয়। চাহ বাগিচাৰ লোকসকলৰ প্ৰতি মৰম আৰু শ্রদ্ধা থকাৰ বাবে আজিৰ অনুষ্ঠানত অসম মন্ত্রীসভাৰ অধিকাংশ মন্ত্রী উপস্থিত থকা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক হিচাপে শ্রমিকসকলক স্বীকৃতি দি অহা ২৫ নৱেম্বৰত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। চাহ জনগোষ্ঠীৰ নতুন প্ৰজন্মক শিক্ষিত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চৰকাৰে চাহ বাগিচাত বিদ্যালয় খুলিছে, মহাবিদ্যালয়ো খুলিব। বাগিচাৰ ল’ৰা-ছোৱালীয়ে পঢ়ি-শুনি চিকিৎসক, অভিযন্তা, অধ্যাপক, বিজ্ঞানী হ’ব লাগিব। অসমৰ আন জনগোষ্ঠীৰ দৰে চাহ বাগিচাৰ সমাজখনকো আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰি ড° শৰ্মাই আজিৰ অনুষ্ঠানত প্রশস্তি পত্র আৰু মাননি লাভ কৰা যুৱক-যুৱতীসকলক এই ক্ষেত্রত উদ্যোগ ল’বলৈ আহবান জনায়। তেওঁ কয় যে চাহ বাগিচাৰ প্ৰতিটো শিশু বিদ্যালয়লৈ যাব লাগিব। ড° শর্মাই চাহ বাগিচাৰ যুৱক-যুৱতীসকলক কম বয়সত বিয়াত নবহিবলৈ আহ্বান জনায়।

যোৱা ফ্ৰেব্ৰুৱাৰী মাহত ৫২ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সন্মুখত ঝুমইৰ প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা বছৰ বিশ্বৰ সকলো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সন্মুখত নতুন দিল্লীত ঝুমইৰ প্ৰদৰ্শন কৰা হ’ব। দেশৰ ৰাজধানীত সাত দিন বিহু, ঝুমইৰ, বাগৰুম্বাকে ধৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। ঝুমইৰক দিল্লীত প্ৰদৰ্শনৰ জৰিয়তে জগত সভালৈ লৈ যোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে বিমল বড়া, কেশৱ মহন্ত, পীযূষ হাজৰীকা, অশোক সিংহল, যোগেন মহন, অজন্তা নেওগ, নন্দিতা গার্লোছা, প্রশান্ত ফুকন, কৌশিক ৰায়, ৰূপেশ গোৱালা, সাংসদ ক্রমে কামাখ্যা প্রসাদ তাছা, প্রদান বৰুৱা, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাকে ধৰি কেবাগৰাকী বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...