নগাৰ উপদ্ৰৱত কম্পমান নাগালেণ্ড সীমান্তৰ অসমৰ জনতা

গোলাঘাট চুঙাজান টেঙাতলত বৰ্তমানেও অব্যাহত চেপা উত্তেজনা। বৃহস্পতিবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান টেঙাতল জালাল বস্তিত নগাৰ ভয়ানক আক্ৰমণ। শতাধিক বাসগৃহত নগাৰ অগ্নি সংযোগ, বোমা নিক্ষেপ, গুলীবৰ্ষণ।

নগাৰ উপদ্ৰৱত কম্পমান নাগালেণ্ড সীমান্তৰ অসমৰ জনতা। বৃহস্পতিবাৰে নিশা অঞ্চলটোত ৮ শতাধিক নগাই তাণ্ডৱ চলাই জ্বলাই দিলে ১০০ৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ। ২০০৬ চনতে জালালবস্তিৰ গাঁওবুঢ়া জালাল উদ্দিনক অপহৰণ কৰিছিল নগাই। আজিলৈও সন্ধান নোলাল জালালউদ্দিনৰ। বৃহস্পতিবাৰে অপহৃত গাঁওবুঢ়াজনৰ ঘৰতো বোমা নিক্ষেপ কৰি ধাৰষাৰ গুলী বৰ্ষণ কৰে নগা দুবৃত্তই। শুকুৰবাৰে পুৱা ধ্বংসস্তূপৰ মাজত নিজৰ সামগ্ৰী বিচাৰিলে ভুক্তভোগীয়ে। জুইত জাহ যোৱা ঘৰখনলৈ চাই উচুপি উঠিল সীমান্তবাসী। শনিবাৰেও সমগ্ৰ অঞ্চলটোত অব্যাহত চেপা উত্তেজনা। ইয়াৰ মাজতে গোলাঘাট জিলা প্ৰশাসন আৰু সৰুপথাৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ভুক্তভোগী ৰাইজক সাহাৰ্য্য প্ৰদান প্ৰশাসনৰ।

ঘটনাক লৈ ইতিমধ্যে গোলাঘাট প্ৰশাসনে গঠন কৰিছে এখন তদন্ত কমিতি। য’ত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ মুঠ ৮ জনীয়া তদন্ত কমিতি গঠন গোলাঘাট প্ৰশাসনৰ।

ঘটনা সংঘটিত হোৱা অঞ্চলটোত সাংবাদিক আৰু প্ৰশাসনৰ বাদে কোনো লোককে প্ৰবেশ কৰিবলৈ দিয়া হোৱা নাই। চাৰিওফালে CRPFয়ে দি আছে পহৰা। ইয়াৰ মাজতে নগাই পুনৰ ৰাইজক ভাবুকি দিয়াৰ অভিযোগ স্থানীয়ৰ। ঘৰ জ্বলোৱাৰ পিছতো আঁতৰি নগলি, এইবাৰ তহঁতক গুলিয়াই মাৰিম বুলি ভাবুকি নগাৰ।

এতিয়া নগাৰ ভয়ত হাতৰ মুঠিত জীউ লৈ পাৰ কৰিছে জালালবস্তিৰ জনতাই। পিছে এনেকৈ আৰু কিমান দিন, অসমৰ কৃষকক অসমৰ ভূমিতে খেতি কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে নগাই, অসমৰ বেদখলমুক্ত মাটি নিজৰ বুলি দাবী কৰে নগাই, অসম-নাগালেণ্ড সীমান্তত ধাৰাবাহিকভাৱে নগাই এইদৰে চলায় আহিছে উপদ্ৰৱ। এতিয়া অসম চৰকাৰে বাৰম্বাৰ আলোচনাতেই মিলিত হৈ থাকিব নে সিমান্তৰ জনতাক সুৰক্ষাও দিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...