ভাৰতে সময়ৰ সৈতে খোজ মিলাই বিশ্বৰ মঞ্চত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশ্বৰ বহু দেশে ভাৰতৰ প্ৰতিভাৰ স্বীকৃতি দিছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধতো শান্তি আলোচনাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এই পৰিপ্ৰেক্ষিতত বহু দেশে এতিয়া এই কথাত সমৰ্থন জনাইছে যে, ভাৰতক ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ (UNSC) স্থায়ী সদস্য হিচাপে গ্ৰহণ কৰা উচিত।
শেহতীয়াকৈ ৰাছিয়া, ভূটান, মৰিছাছ, ফ্ৰান্স, UK, আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবেও এই কথাৰ সমৰ্থন কৰিছে যে, ভাৰতক UNSCৰ স্থায়ী সদস্য পদ দিয়া উচিত। কিন্তু ভাৰতক কিয় এতিয়ালৈকে স্থায়ী সদস্য পদ দিয়া হোৱা নাই, তাৰ পূৰ্বে জানি লোৱা প্ৰয়োজন যে সুৰক্ষা পৰিষদ কি?
ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদ কি?
ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ সবাতোকৈ শক্তিশালী অংগ। ইয়াৰ কাম হৈছে বিশ্বত শান্তি আৰু সুৰক্ষা বজাই ৰখা, যুদ্ধ আৰু সংঘাত ৰোধ কৰা, আন্তঃৰাষ্ট্ৰীয় বিবাদ সমাধান কৰা, আৰু প্ৰয়োজন হ’লে নিষেধাজ্ঞা (Sanctions) বা সামৰিক কাৰ্য্যৰ অনুমতি প্ৰদান কৰা।
সুৰক্ষা পৰিষদত মুঠ ১৫খন সদস্য দেশ থাকে। তাৰ ভিতৰত ৫খন হৈছে স্থায়ী সদস্য (Permanent Members), যিবোৰ হৈছে আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স আৰু ব্ৰিটেইন। এই স্থায়ী সদস্যসকলৰ হাতত থাকে ভেটো ক্ষমতা (Veto Power), অৰ্থাৎ এই দেশবোৰৰ মাজৰ এখনে যদি “নহয়” বুলি কয়, তেন্তে কোনো প্ৰস্তাৱ গৃহীত নহয়।
ইয়াৰ বাহিৰে পৰিষদত ১০খন অস্থায়ী সদস্য দেশ (Non-Permanent Members) থাকে, যিবোৰক ২ বছৰৰ বাবে নিৰ্বাচিত কৰা হয় আৰু এই সদস্যসকল সলনি হৈ থাকে। ভাৰতো বৰ্তমান এই পৰিষদৰ অস্থায়ী সদস্য হিচাপে আছে।
সুৰক্ষা পৰিষদৰ ক্ষমতা কি কি?
– কোনো দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা (যেনে- অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক)
– শান্তিৰক্ষী বাহিনী (Peacekeeping Forces) প্ৰেৰণ কৰা
– প্ৰয়োজন হ’লে সামৰিক বাহিনীৰ ব্যৱহাৰৰ অনুমোদন জনোৱা
– কোনো দেশ বা নেতাক আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ত (ICC) প্ৰেৰণৰ বাবে দাবী জনোৱা
ৰাছিয়াৰ সমৰ্থন
বহু দেশে ভাৰতক সুৰক্ষা পৰিষদৰ স্থায়ী সদস্য কৰাৰ পোষকতা কৰিছে। ৰাছিয়াৰ বিদেশ ৰাষ্ট্ৰ মন্ত্ৰী ছাৰ্গেই লাভৰ’ভে কৈছে যে, UNSCত সংস্কাৰৰ প্ৰয়োজন কাৰণ আজিৰ বিশ্বৰ ভাৰসাম্য ৮০ বছৰৰ আগৰ (ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ৰ) দৰে নহয়। ৰাছিয়াই ভাৰত আৰু ব্ৰাজিলৰ স্থায়ী সদস্যত্বৰ প্ৰাৰ্থিতাক সমৰ্থন কৰিছে।
মৰিছাছ আৰু ভূটানৰ সমৰ্থন
মৰিছাছৰ বিদেশৰাষ্ট্ৰ মন্ত্ৰী ধনঞ্জয় ৰামফুলে কৈছে যে, ভাৰত এতিয়া “এক প্ৰধান বিশ্ব শক্তি” হৈ উঠিছে আৰু ভাৰতক স্থায়ী আসন দিয়া উচিত। ভূটানৰ প্ৰধানমন্ত্ৰীয়েও কৈছে যে, ভাৰত আৰু জাপানৰ দৰে দেশক এই পৰিষদত অন্তৰ্ভুক্ত কৰা উচিত।
ফ্ৰান্সৰ সমৰ্থন
ফ্ৰান্সে আকৌ এবাৰ ভাৰত, জাৰ্মানী, ব্ৰাজিল আৰু জাপানক UNSCৰ স্থায়ী সদস্য কৰাৰ পোষকতা কৰিছে। ফ্ৰান্সৰ মতে, পৰিষদৰ গাঁথনি এনেকুৱা হ’ব লাগে যাতে নতুন উদীয়মান শক্তিসমূহক অন্তৰ্ভুক্ত কৰা হয়, যিবোৰে স্থায়ী সদস্যৰ দায়িত্ব বহন কৰিবলৈ ইচ্ছুক আৰু সক্ষম। ৰাষ্ট্ৰসংঘত ফ্ৰান্সৰ উপ-স্থায়ী প্ৰতিনিধি নাথালী ব্ৰ’ডহাৰ্স্টে শুক্ৰবাৰে কৈছিল যে, ফ্ৰান্সৰ অৱস্থান স্থিৰ আৰু সুস্পষ্ট। তেওঁ কৈছিল, “আমি বিচাৰো পৰিষদে আজিৰ বিশ্বৰ ভাল প্ৰতিনিধিত্ব কৰক, যাতে ইয়াৰ কৰ্তৃত্ব আৰু প্ৰভাৱ অধিক শক্তিশালী হয়।” তেওঁ লগতে কৈছিল যে, পৰিষদত ২৫খন পৰ্যন্ত সদস্য থাকিব পাৰে।
আমেৰিকাৰ সমৰ্থন
আমেৰিকাইও ভাৰতৰ UNSCৰ স্থায়ী সদস্যত্বৰ বাবে সমৰ্থন জনাইছে। ২০২২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৈছিল যে, আমেৰিকাই ভাৰতৰ স্থায়ী সদস্য পদ লাভ কৰা বিষয়টো সমৰ্থন কৰে।
G-4 দেশ
ব্ৰাজিল, জাৰ্মানী, ভাৰত আৰু জাপানে ইখনৰ পিছত সিখন UNSCৰ স্থায়ী আসনৰ বাবে অবিৰতভাৱে সমৰ্থন কৰি আহিছে।
ৰাষ্ট্ৰসংঘৰ সমৰ্থন
ৰাষ্ট্ৰসংঘৰ মহাসচিব গুটেৰেছৰ মতে, ভাৰতক স্থায়ী সদস্যত্ব দিয়া উচিত আৰু UNSCত সংস্কাৰৰ প্ৰয়োজন।
এতিয়া প্ৰশ্ন হৈছে ভাৰতক স্থায়ী সদস্য কৰাত ক’ত বাধা আহি পৰিছে। ২০২৪চনত ৰাজ্যসভাত এই বিষয়ে প্ৰশ্ন উত্থাপন হৈছিল। আব্দুল ৱাহাবে বিদেশ ৰাষ্ট্ৰ মন্ত্ৰীৰ পৰা জানিব বিচাৰিছিল যে, ভাৰতৰ UNSCৰ স্থায়ী সদস্যত্বৰ বৰ্তমানৰ অৱস্থা কি আৰু বিগত তিনি বছৰত চৰকাৰে এই দিশত কি পদক্ষেপ লৈছে।
বিদেশৰাষ্ট্ৰ মন্ত্ৰী ডাঃ এছ জয়শংকৰে উত্তৰত কৈছিল যে, ভাৰতৰ বাবে UNSCৰ স্থায়ী সদস্যত্ব লাভ কৰাটো সৰ্বোচ্চ অগ্ৰাধিকাৰ। ভাৰতৰ মতে তাৰ সকলো যোগ্যতা আৰু পৰিচয় আছে যাতে ই এক সম্প্ৰসাৰিত আৰু উন্নত UNSCৰ স্থায়ী সদস্য হ’ব পাৰে।
ভাৰত দ্বিপাক্ষিক আৰু বহুপাক্ষিক স্তৰত এই দিশত সক্ৰিয় হৈ আছে। ভাৰতে Inter-Governmental Negotiations (IGN)-ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে। ভাৰতে G-4 গোট (ভাৰত, জাপান, ব্ৰাজিল, জাৰ্মানী) আৰু L.69 গোট (এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশৰ গোট)ৰ সৈতে মিলি সদস্য দেশৰ সমৰ্থন সংগ্ৰহ কৰি আছে। ইয়াৰ উপৰিও ভাৰত গ্ল’বেল ছাউথৰ দেশসমূহৰ সৈতেও নিয়মীয়া যোগাযোগ ৰাখিছে।
UNSCত সংস্কাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ চনদত সংশোধনৰ প্ৰয়োজন। ৰাষ্ট্ৰসংঘৰ চনদৰ ১০৮ নং অনুচ্ছেদত কোৱা হৈছে যে, যিকোনো সংশোধন তেতিয়াহে কাৰ্যকৰী হ’ব যেতিয়া সাধাৰণ সভাৰ দুই-তৃতীয়াংশ সদস্যই তাক অনুমোদন কৰিব আৰু P5 স্থায়ী সদস্যসহ দুই-তৃতীয়াংশ সদস্যই তাক অনুমোদন (ratify) কৰিব। অৰ্থাৎ, যদি এজনো স্থায়ী সদস্যই (P5) বিৰোধিতা কৰে, তেন্তে এই প্ৰক্ৰিয়া ৰৈ যাব পাৰে। এতিয়া যিহেতু আমি জানিছো যে, এজন স্থায়ী সদস্যৰ বিৰোধিতাত এই প্ৰক্ৰিয়া ৰৈ যাব পাৰে, চীনে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। চীন এখন স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু তেওঁলোকে নিবিচাৰে যে, ভাৰতক স্থায়ী সদস্যত্বৰ লগতে ভেটো ক্ষমতাও দিয়া হওক, কাৰণ তেনে হ’লে এছিয়াত ভাৰতৰ প্ৰভাৱ বৃদ্ধি পাব।
ভাৰতে বহুদিনৰ পৰা কৈ আহিছে যে UNSCৰ বৰ্তমানৰ গাঁথনি (১৯৪৫ৰ) আজিৰ বাস্তৱৰ সৈতে খাপ নাখায়। বৰ্তমান UNSCৰ পাঁচখন স্থায়ী সদস্য (P5) হৈছে আমেৰিকা, ৰাছিয়া, চীন, ব্ৰিটেইন আৰু ফ্ৰান্স। কিন্তু এই সদস্যসকলৰ ভিতৰত কোনো আফ্ৰিকান দেশ নাই, নাই লেটিন আমেৰিকা বা দক্ষিণ এছিয়াৰ প্ৰতিনিধিত্ব। সেয়ে ভাৰতৰ যুক্তি হৈছে যে তাৰ জনসংখ্যা, অৰ্থনীতি, শান্তিৰক্ষা অভিযান (UN Peacekeeping) আৰু বিশ্বৰ মঞ্চত ভূমিকাৰ কথা বিবেচনা কৰি স্থায়ী সদস্যত্ব দিয়া উচিত।
ভাৰত বৰ্তমান UNSCৰ স্থায়ী সদস্য নহয় যদিও বহুবাৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছে।
ভাৰতৰ সদস্যত্বৰ ইতিহাস
ভাৰতে এতিয়ালৈকে মুঠ ৮ বাৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছে:
– ১৯৫০-১৯৫১
– ১৯৬৭-১৯৬৮
– ১৯৭২-১৯৭৩
– ১৯৭৭-১৯৭৮
– ১৯৮৪-১৯৮৫
– ১৯৯১-১৯৯২
– ২০১১-২০১২
– ২০২১-২০২২
অৰ্থাৎ ভাৰতে এতিয়ালৈকে ৮টা কাৰ্যকাল সম্পূৰ্ণ কৰিছে। ভাৰত অবিৰতভাৱে স্থায়ী সদস্যত্বৰ (Permanent Seat) দাবী কৰি আহিছে, বিশেষকৈ G-4 দেশসমূহৰ (ভাৰত, জাৰ্মানী, জাপান, ব্ৰাজিল) সৈতে মিলি।
ভাৰতক ভেটো ক্ষমতা দিয়া হ’বনে?
ভেটো ক্ষমতা অতি গুৰুত্বপূৰ্ণ ক্ষমতা। ভাৰত স্থায়ী সদস্য হ’লেও ভাৰতক ভেটো ক্ষমতা দিয়া হ’ব নে নহয়, সেয়া এতিয়াও নিশ্চিত নহয়। ভেটো ক্ষমতা বৰ্তমান কেৱল P5 দেশৰ হাতত আছে—অৰ্থাৎ আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ব্ৰিটেইন আৰু চীনৰ হাতত। এই দেশসমূহে যিকোনো ডাঙৰ প্ৰস্তাৱ ৰখাব পাৰে।
কিছুমান দেশৰ মতে নতুন স্থায়ী সদস্যক ভেটো ক্ষমতা দিয়া উচিত নহয়, কাৰণ তেনে হ’লে UNSC আৰু জটিল হৈ পৰিব। আন কিছুমান দেশৰ মতে, যদি স্থায়ী আসন দিয়া হয় তেন্তে ভেটো ক্ষমতাও দিয়া উচিত, নহ’লে সদস্যত্ব অসম্পূৰ্ণ হৈ থাকিব। ভাৰতৰ মতে, যদি ভাৰত স্থায়ী সদস্য হয় তেন্তে ভাৰতক সমান মৰ্যাদা দিয়া উচিত, অৰ্থাৎ ভেটো ক্ষমতাও প্ৰদান কৰা উচিত।
