ৰে’লৰ টিকট-UPIৰ পৰা পেঞ্চনলৈকে… ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়মবোৰ

আগন্তুক ১ অক্টোবৰৰ পৰা ৰে’লৰ টিকট, পেঞ্চন, UPI আৰু গেছ চিলিণ্ডাৰৰ সৈতে জড়িত নিয়মত কিছু পৰিৱৰ্তন হ’ব। আমি আপোনালোকক সেই বিষয়সমূহৰ বিষয়ে জনাম, যিবোৰত ১ অক্টোবৰৰ পৰা পৰিৱৰ্তন হ’ব।

ৰে’লৰ টিকটৰ সৈতে জড়িত নিয়ম

ৰে’লৱেয়ে টিকটৰ জালিয়াতি ৰোধ কৰিবলৈ টিকট বুকিঙৰ নিয়মত পৰিৱৰ্তন কৰিছে। এই নিয়ম ১ অক্টোবৰ ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব। নতুন নিয়ম অনুসৰি, টিকট কাউণ্টাৰ খোলাৰ প্ৰথম ১৫ মিনিটৰ ভিতৰত কেৱল সেইসকল লোকেহে টিকট বুক কৰিব পাৰিব, যিসকলৰ আধাৰ কাৰ্ড IRCTCৰ সৈতে লিংক কৰা আছে। বৰ্তমান এই নিয়ম কেৱল তত্কাল টিকট বুকিঙৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।

UPIৰ সৈতে জড়িত পৰিৱৰ্তন

১ অক্টোবৰৰ পৰা UPI অৰ্থাৎ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছৰ কিছুমান ডাঙৰ নিয়ম সলনি হ’ব। NPCIয়ে যি নতুন নিয়ম প্ৰণয়ন কৰিছে, তাৰ প্ৰভাৱ PhonePe, Google Pay আৰু Paytmৰ দৰে এপৰ ওপৰত পৰিব। সবাতোকৈ ডাঙৰ পৰিৱৰ্তন হ’ল P2P (পিয়াৰ-টু-পিয়াৰ) লেনদেনৰ সুবিধা আঁতৰোৱাৰ সম্ভাৱনা। এই পদক্ষেপ ব্যৱহাৰকাৰীৰ সুৰক্ষা বৃদ্ধি আৰু অনলাইন জালিয়াতি ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে। অৰ্থাৎ, ১ অক্টোবৰ ২০২৫ৰ পৰা আপুনি UPI এপৰ জৰিয়তে পোনপটীয়াকৈ এজনৰ পৰা আনজনলৈ ধন প্ৰেৰণৰ বিকল্প ব্যৱহাৰ কৰিব নোৱাৰিব।

পেঞ্চনৰ সৈতে জড়িত পৰিৱৰ্তন

১ অক্টোবৰ ২০২৫ৰ পৰা NPS (নেশ্যনেল পেঞ্চন চিষ্টেম)তো কিছুমান ডাঙৰ পৰিৱৰ্তন হ’ব। এতিয়া বে-চৰকাৰী গ্ৰাহকে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চনৰ ধন (১০০%) ইকুইটি অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত আঁচনিত বিনিয়োগ কৰিব পাৰিব। পূৰ্বে এই সীমা আছিল মাত্ৰ ৭৫%। ইয়াৰ উপৰিও, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও এতিয়া PRAN খোলাৰ বাবে চাৰ্জ দিব লাগিব।

  • ই-PRAN কিট: ১৮ টকা
  • ফিজিকেল PRAN কাৰ্ড: ৪০ টকা
  • বাৰ্ষিক ৰক্ষণাবেক্ষণ চাৰ্জ: প্ৰতি একাউণ্টত ১০০ টকা

অটল পেঞ্চন যোজনা (APY) আৰু NPS লাইটৰ গ্ৰাহকৰ বাবে PRAN খোলা আৰু ৰক্ষণাবেক্ষণৰ চাৰ্জ মাত্ৰ ১৫ টকা হ’ব। অৱশ্যে, লেনদেনৰ ক্ষেত্ৰত কোনো ধৰণৰ চাৰ্জ লগাব নোৱাৰিব।

LPG চিলিণ্ডাৰৰ দাম হ্ৰাস

অক্টোবৰ মাহটো উৎসৱৰ মাহ। এনে পৰিপ্ৰেক্ষিতত LPG গেছ চিলিণ্ডাৰৰ দাম হ্ৰাসৰ আশা কৰিছে। কাৰণ পূৰ্বৰ মাহবোৰত কোম্পানীসমূহে ১৯ কিলোগ্ৰামৰ LPG চিলিণ্ডাৰৰ দাম হ্ৰাস কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...