ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাত যোগদান ভাৰতীয়ৰ! সকীয়াই দিলে নতুন দিল্লীয়ে

ৰাছিয়ালৈ কাম বিচাৰি গৈ সেই দেশৰ সেনাবাহিনীত যোগদান কৰিছে বহু ভাৰতীয়ই। সংবাদমাধ্যমত এই খবৰ প্ৰকাশিত হোৱাত নতুন দিল্লী তপৰ হৈছে। বিদেশ মন্ত্রণালয়ৰ এক বিবৃতিত ৰাছিয়াত বাস কৰা ভাৰতীয়সকলক এই বিষয়ে সাৱধান কৰা হৈছে। বিষয়টোক লৈ ৰাছিয়ান প্ৰশাসনৰ সৈতে কথা হৈছে বুলি বিবৃতিত জনোৱা হৈছে।

বৃহস্পতিবাৰে পুৱা বিদেশ মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিত ৰাছিয়ান সেনাবাহিনীত যোগদানৰ প্ৰস্তাৱত ৰাজি নহ’ব বুলি পৰামৰ্শ দিয়া হৈছে ৰাছিয়াত বাসকৰা ভাৰতীয়সকলক। সম্প্ৰতি ‘দ্য হিন্দু’ সংবাদপত্ৰৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে, দুজন ভাৰতীয় নিৰ্মাণ শ্ৰমিক কামৰ বাবে ৰাছিয়ালৈ গৈছিল। কিন্তু নিৰ্মাণ সংস্থাত কাম দিয়াৰ সলনি তেওঁলোকক ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাৰ সৈতে যুক্ত কৰা হ’ল। তেওঁলোকে দাবী কৰে যে, তেওঁলোকৰ দৰে আন ১৩জন ভাৰতীয়ই ৰাছিয়ান সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিছে।

বিবৃতিত লিখা হৈছে, “সম্প্ৰতি আমি খবৰ পাইছোঁ যে, ভাৰতীয় নাগৰিকসকলক ৰাছিয়ান সেনাত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত চৰকাৰে বিগত সময়তো বহুবাৰ এই সম্পৰ্কে ভাৰতীয়সকলক অৱগত কৰিছে।” বিবৃতিত লিখা হৈছে, “নতুন দিল্লী আৰু মস্কোত আমি (ভাৰত) ৰাছিয়ান কৰ্তৃপক্ষৰ সৈতে বিষয়টোক লৈ কথা পাতিছোঁ। কৈছোঁ যে, এই ব্যৱস্থা বন্ধ কৰি আমাৰ নাগৰিকসকলক মুক্তি দিয়া উচিত।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...