ক্ৰিষ্টিয়ানো ৰণাল্ডোয়ে ইউৰো কাপ ২০২০ ত গঢ়িলে অভিলেখ

গুৱাহাটী, ২৪ জুন, NKTV: ফুটবল তাৰকা তথা পৰ্টুগাল দলৰ কেপ্টেইন ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ অভিলেখ সৃষ্টি। মেনছ ইন্টাৰনেছনেল ফুটবলৰ আটাইতকৈ বেছি সংখ্যক গল কৰা আলী দায়েইৰ সমানেই গল কৰি অভিলেখ গঢ়িলে ক্ৰিষ্টিয়ানো ৰণাল্ডোয়ে। ৩৬ বছৰীয়া ফুটবল তাৰকাজনে ১০৯ গলেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইউৰো ২০২০ৰ গ্ৰুপ-এফ ৰ শেষৰ খন খেলত তাৰকাগৰাকীয়ে শক্তিশালী ফ্ৰান্স দলৰ বিৰুদ্ধে দুটাকৈ গল দি সৃষ্টি কৰিলে এই অভিলেখ।

ইয়াৰ পূৰ্বে ইৰানৰ ফুটবলাৰ আলী দায়েইয়ে ১৪৯ খনকৈ আন্তৰ্জাতিক খেলত ১০৯ গল কৰি অভিলেখ স্থাপন কৰিছিল। পৰ্টুগালৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰণাল্ডোয়ে ইউৰো ২০২০ত ১০৯ গলেৰে এই অভিলেখ স্থাপন কৰিলে। জাৰ্মানী, ফ্ৰান্স আৰু পৰ্টুগাল ইতিমধ্যে শেষৰ ১৬ টা দলৰ মাজলৈ নিৰ্বাচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...