আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ শীৰ্ষ সন্মিলনলৈ নাযায় প্ৰধানমন্ত্ৰী মোদী!

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সন্মিলনত অংশগ্ৰহণ নকৰে। ২৩ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত ভাৰতৰ তৰফৰ পৰা বক্তা হিচাপে মোদীৰ নাম ৰাষ্ট্ৰসংঘৰ তালিকাত আছিল। কিন্তু শেষ মুহূৰ্তত চাউথ ব্লকৰ সিদ্ধান্ত অনুসৰি মোদীৰ পৰিৱৰ্তে বিদেশ মন্ত্ৰী এছ জয়শংকৰক প্ৰতিনিধি হিচাপে পঠোৱা হৈছে। তেওঁ মোদীৰ হৈ সন্মিলনখনিত ভাষণ দিব।

ৰাষ্ট্ৰসংঘৰ এই সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও অংশগ্ৰহণ কৰিব। তেওঁৰ নাম আমেৰিকাৰ তৰফৰ পৰা বক্তা হিচাপে তালিকাত আছে। মোদী গ’লে তেওঁক ট্ৰাম্পৰ সৈতে একেখন মঞ্চত দেখা গ’লহেঁতেন। বহুতে কৈছে, সেই ক্ষেত্ৰত মোদী আৰু ট্ৰাম্পৰ মাজত এটা দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাও আছিল। কিন্তু সেই সম্ভাৱনা এতিয়া নাই। সন্মিলনখন ২৩ ছেপ্টেম্বৰত ব্ৰাজিলৰ ভাষণৰ জৰিয়তে আৰম্ভ হ’ব। তাৰ পিছত আমেৰিকাৰ প্ৰতিনিধিয়ে ভাষণ দিব। তালিকা অনুসৰি ভাৰতৰ ভাষণৰ সময় ২৭ ছেপ্টেম্বৰৰ পুৱা। এই সন্মিলনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-হামাছ সংঘাত আৰু পশ্চিম এছিয়াৰ সংকটৰ বিষয়ে আলোচনা হ’ব পাৰে।

শেহতীয়াকৈ ৰাছিয়াৰ পৰা খনিজ তেল কিনাৰ কাৰণে আমেৰিকাই ভাৰতৰ পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াৰ ফলত দুয়োখন দেশৰ বাণিজ্যত কেনা লাগিছে। এই পৰিস্থিতিত মোদীযে কিছুদিন আগতে এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনলৈ গৈছিল। তাত তেওঁৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে পৃথক বৈঠক হৈছিল। চীন আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ এই ঘনিষ্ঠতা ট্ৰাম্পে ভাল দৃষ্টিৰে চোৱা নাছিল। ইয়াৰ উপৰিও পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু তাৰ পিছত পাকিস্তানৰ সৈতে সামৰিক সংঘাতৰ বিষয়েও ট্ৰাম্পৰ সৈতে নতুন দিল্লীৰ মতানৈক্য আছে। ট্ৰাম্পে বাৰে বাৰে দাবী কৰিছে যে, তেওঁ ভাৰত আৰু পাকিস্তানৰ সংঘাত বন্ধ কৰিছে, যিটো ভাৰতে স্বীকাৰ কৰা নাই। এনে পৰিস্থিতিত মোদী আমেৰিকালৈ গ’লে ট্ৰাম্পৰ সৈতে অন্তত হাত মিলাবলগীয়া হ’লহেঁতেন। বহুতৰ মতে, তেনে কৰিলে জনমানসত ভুল বাৰ্তা যাব। চাউথ ব্লকে এই মুহূৰ্তত তেনে কিবা নিবিচাৰে। কিন্তু আন একাংশই কয় যে মোদী গ’লে ট্ৰাম্পৰ সৈতে মুখামুখি কথা পাতি বাণিজ্য সমস্যাৰ সমাধান কৰিব পাৰিলেহেঁতেন। জয়শংকৰৰ যোৱাৰ ফলত সেই সম্ভাৱনা কম।

শুকুৰবাৰে মোদী, পুটিন আৰু জিনপিঙৰ এখন ফটো পোষ্ট কৰি ট্ৰাম্পে কৈছিল, “ভাৰত আৰু ৰাছিয়াক আমি চীনৰ অন্ধকাৰত হেৰুৱাই পেলালো।” কিন্তু কেইঘণ্টাৰ ভিতৰতে মত সলনি কৰি তেওঁ কয় যে, ভাৰতক হেৰুৱা নাই। বৰং মোদীৰ সৈতে তেওঁৰ সম্পৰ্ক অতি ভাল। কেৱল ৰাছিয়াৰ পৰা তেল আমদানিৰ বিষয়ে তেওঁ কিছু হতাশ। ট্ৰাম্পৰ এই মত সলনিৰ ফলত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক আৰু জটিল হৈ পৰিছে বুলি বহুতে ধাৰণা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...