দেশত ইন্ধনৰ মূল্যবৃদ্ধিয়ে ভংগ কৰিলে পূৰ্বৰ সকলোবোৰ অভিলেখ

গুৱাহাটী, ২৪ জুন, NKTV: দেশত ইন্ধনৰ মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলোবোৰ অভিলেখ ভংগ কৰিছে। মুম্বাইত পেট্ৰলৰ মূল্যবৃদ্ধি হৈ প্ৰতিলিটাৰৰ পেট্ৰলৰ দাম ১০৩.৮৯ টকালৈ বৃদ্ধি পালে। ইকোনোমিক কেপিটেল মুম্বাই চহৰত প্ৰতিলিটাৰ ডিজেলৰ মূল্য বাবদ চহৰ বাসীয়ে ৯৫.৭৯ টকাকৈ ব্যয় কৰিব লাগে। আনহাতে দেশৰ ৰাজধানী দিল্লী চহৰত প্ৰতিলিটাৰ পেট্ৰলৰ বিপৰীতে ২৬ পইচা মূল্যবৃদ্ধিৰে ৯৭.৭৬ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে প্ৰতিলিটাৰ ডিজেলৰ বিপৰীতে ৭ পইচাকৈ বৃদ্ধি হৈ দিল্লীত ডিজেলৰ মূল্য ৮৮.৩০ টকালৈ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৯৩.২৩ টকা হলগৈ। স্থানীয় টেস্ক আৰু ফ্ৰেইট চাৰ্জৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ বিভিন্ন ৰাজ্যসমূহত ডিজেল আৰু পেট্ৰলৰ মূল্য ভিন্ন হোৱা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...