ক্ৰিষ্টিয়ানো ৰণাল্ডোয়ে ইউৰো কাপ ২০২০ ত গঢ়িলে অভিলেখ

গুৱাহাটী, ২৪ জুন, NKTV: ফুটবল তাৰকা তথা পৰ্টুগাল দলৰ কেপ্টেইন ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ অভিলেখ সৃষ্টি। মেনছ ইন্টাৰনেছনেল ফুটবলৰ আটাইতকৈ বেছি সংখ্যক গল কৰা আলী দায়েইৰ সমানেই গল কৰি অভিলেখ গঢ়িলে ক্ৰিষ্টিয়ানো ৰণাল্ডোয়ে। ৩৬ বছৰীয়া ফুটবল তাৰকাজনে ১০৯ গলেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইউৰো ২০২০ৰ গ্ৰুপ-এফ ৰ শেষৰ খন খেলত তাৰকাগৰাকীয়ে শক্তিশালী ফ্ৰান্স দলৰ বিৰুদ্ধে দুটাকৈ গল দি সৃষ্টি কৰিলে এই অভিলেখ।

ইয়াৰ পূৰ্বে ইৰানৰ ফুটবলাৰ আলী দায়েইয়ে ১৪৯ খনকৈ আন্তৰ্জাতিক খেলত ১০৯ গল কৰি অভিলেখ স্থাপন কৰিছিল। পৰ্টুগালৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰণাল্ডোয়ে ইউৰো ২০২০ত ১০৯ গলেৰে এই অভিলেখ স্থাপন কৰিলে। জাৰ্মানী, ফ্ৰান্স আৰু পৰ্টুগাল ইতিমধ্যে শেষৰ ১৬ টা দলৰ মাজলৈ নিৰ্বাচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...