মাডাৰ্ছ অ’ল্ড এজ হােমৰ শেহতীয়া ঘটনাৰ তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৪ জুন, NKTV: গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা দৃষ্টিগােচৰ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বৃদ্ধাৱাসখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া দুগৰাকীৰ পাৰস্পৰিক মনােমালিন্যৰ বাবে তাত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হােৱা অসুবিধাৰ বিষয়টো বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্রচাৰিত হৈছে।

ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষাৰ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দায়বদ্ধ। সেয়েহে এই স্পর্শকাতৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক নির্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ‘মাডাৰ্ছ অল্ড এজ হােম’ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰি যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবেও সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগক নিৰ্দেশ প্রদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...