বিদেশী কুকুৰ পুহিলে অনুজ্ঞাপত্ৰ বাধ্যতামূলক! ছেপ্টেম্বৰৰ ভিতৰত কাৰ্যকৰী হ’ব এই নিয়ম

হাওৰা পৌৰসভাই বিদেশী বা সংকৰ জাতৰ কুকুৰ পোহা গৃহস্থৰ বাবে অনুজ্ঞা পত্ৰ গ্ৰহণৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। এই নিয়ম অনুসৰি, আগন্তুক ছেপ্টেম্বৰ মাহৰ পৰা বিদেশী কুকুৰ পোহা মালিকে অনুজ্ঞা পত্ৰৰ বাবে আবেদন কৰিব লাগিব। আবেদনৰ বাবে মালিকৰ আধাৰ কাৰ্ড আৰু সংশ্লিষ্ট কুকুৰৰ ভেকচিনৰ পত্ৰৰ প্ৰয়োজন হ’ব।

কলকাতা পৌৰসভাত বিদেশী জাতৰ কুকুৰৰ বাবে অনুজ্ঞা পত্ৰৰ নিয়ম ইতিমধ্যে কাৰ্যকৰী হৈ আছে। কিন্তু হাওৰাৰ দৰে আন পৌৰসভাত এই নিয়ম প্ৰচলিত নাছিল। এইবাৰ হাওৰা পৌৰসভাই সিদ্ধান্ত লৈছে যে, বিদেশী আৰু সংকৰ জাতৰ কুকুৰৰ বাবে অনুজ্ঞা পত্ৰ বাধ্যতামূলক হ’ব। ইয়াৰ বাবে পৌৰসভাৰ ৱেবছাইটত আবেদন কৰিব লাগিব আৰু বছৰি ১৫০ টকা জমা দি অনুজ্ঞা পত্ৰ সংগ্ৰহ কৰিব পাৰিব।

হাওৰাৰ মুখ্য পৌৰপ্ৰশাসক সুজয় চক্ৰৱৰ্তীয়ে কয়, “কলকাতা পৌৰসভাৰ পিছত এইবাৰ হাওৰা পৌৰ এলেকাত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। প্ৰতি বছৰে অনুজ্ঞা পত্ৰ নৱীকৰণ কৰিব লাগিব। বিদেশী আৰু সংকৰ জাতৰ কুকুৰ পুহিলে অনুজ্ঞা পত্ৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে।” তেওঁ আৰু কয়, “পৰৱৰ্তী পৰ্যায়ত বিদেশী চৰাই পোহাৰ ক্ষেত্ৰতো একেই ধৰণৰ অনুজ্ঞা পত্ৰৰ ব্যৱস্থা কৰা হ’ব।”

পৌৰসভাৰ সূত্ৰৰ মতে, যদি কোনোবাই অনুজ্ঞা পত্ৰ গ্ৰহণ নকৰে, তেন্তে প্ৰথমে তেওঁক সতৰ্ক কৰা হ’ব। তথাপিও সঁহাৰি নজনালে সংশ্লিষ্ট মালিকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চহৰৰ স্বাৰ্থত কুকুৰৰ বাবে অনুজ্ঞা পত্ৰ বাধ্যতামূলক কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে পথৰ কুকুৰৰ নিৰ্বীজকৰণৰ বাবে এটা সংস্থাৰ সহায়ত হাওৰা পৌৰসভাই কাম আৰম্ভ কৰিছে।

অনুজ্ঞা পত্ৰ নাথাকিলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। পৌৰসভাৰ এজন বিষয়াৰ মতে, “ধৰক, আপুনি ক’ৰবালৈ গৈছে আৰু কুকুৰটোক কোনো ঠাইত ৰাখি গৈছে। কিন্তু ঘূৰি আহি যদি কুকুৰটো বিচাৰি নাপায়, তেন্তে অনুজ্ঞা পত্ৰ নাথাকিলে আৰক্ষীয়ে অভিযোগ গ্ৰহণ নকৰিব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...