ভাৰত ভ্ৰমণৰ অন্তত পাকিস্তানলৈ যাব চীনৰ বৈদেশিক মন্ত্ৰী; আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক গঢ়ি উঠাক লৈ চিন্তিত নেকি চীন?

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে নতুন দিল্লীত উপস্থিত হৈছে চীনৰ বিদেশ মন্ত্ৰী ৱাং ই। ভাৰত ভ্ৰমণৰ পিছত তেওঁ পাকিস্তানলৈও যোৱাৰ কথা আছে। পাকিস্তানৰ সংবাদপত্ৰ ‘দ্য এক্সপ্ৰেছ ট্ৰিবিউন’ৰ মতে, আগন্তুক ২১ আগষ্টত তেওঁ দুদিনীয়া ভ্ৰমণত ইছলামাবাদত উপস্থিত হ’ব। তাত তেওঁ পাকিস্তানৰ অসামৰিক আৰু সামৰিক নেতাসকলৰ সৈতে বৈঠক কৰাৰ কথা আছে।

ইছলামাবাদৰ চৰকাৰী সূত্ৰৰ জৰিয়তে পাকিস্তানৰ এই সংবাদপত্ৰই জনাইছে যে, এই ভ্ৰমণত পাকিস্তান-চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা হ’ব পাৰে। ভাৰত-পাকিস্তান সংঘৰ্ষবিৰতিৰ পিছৰ সময়ত আমেৰিকাই ইছলামাবাদৰ সৈতে চুক্তি কৰিছে। পাকিস্তানৰ তৈলভাণ্ডাৰৰ বিষয়ে যৌথভাৱে কাম কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আগ্ৰহ প্ৰকাশ কৰিছে। বহুতৰ মতে, ট্ৰাম্প তৈলভাণ্ডাৰতকৈও অধিক আগ্ৰহী পাকিস্তানৰ মাটিৰ তলত থকা বিৰল খনিজৰ সম্ভাৱ্য ভাণ্ডাৰৰ প্ৰতি। এই পৰিস্থিতিত চীনৰ বিদেশ মন্ত্ৰীৰ পাকিস্তান ভ্ৰমণক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

২০২০ চনত লাডাখত সংঘৰ্ষৰ পাঁচ বছৰৰ পিছত ভাৰত আৰু চীন উভয় দেশে নিজৰ কূটনৈতিক সম্পৰ্ক মেৰামতিৰ বাবে উদ্যোগ লৈছে। নতুন দিল্লীয়ে জনাইছে যে, উত্তৰাখণ্ডৰ লিপুলেখ পাছ, হিমাচল প্ৰদেশৰ শিপকি লা আৰু ছিকিমৰ নাথু লা—এই স্থানসমূহৰ জৰিয়তে পুনৰ বাণিজ্যৰ কথা ভৱা হৈছে। সীমান্ত বাণিজ্য আলোচনাৰ বিষয়ে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ প্ৰশাসনেও ইতিবাচক সঁহাৰি দেখুৱাইছে। এই পৰিপ্ৰেক্ষিতত সোমবাৰে চীনৰ বিদেশ মন্ত্ৰী ভাৰতত উপস্থিত হৈছে। তেওঁ ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত বহাৰ কথা আছে।

চলিত সপ্তাহতে চীনৰ বিদেশ মন্ত্ৰী পাকিস্তানলৈ যাব পাৰে। পাকিস্তানৰ সংবাদপত্ৰৰ দাবী, তেওঁ সেই দেশৰ সেনাবিষয়াসকলৰ সৈতেও আলোচনাত বহিব পাৰে। অৱশ্যে, পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰৰ সৈতে তেওঁৰ বৈঠক হয় নে নহয়, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...