পাকিস্তানক লক্ষ্য কৰি সাৱধানবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

কেন্দ্ৰীয় চৰকাৰে পণ্য আৰু সেৱা কৰ (GST) সৰলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই বছৰৰ দীপাৱলীতেই এই সংস্কাৰ কাৰ্যকৰী হ’ব। ৭৯সংখ্যক স্বাধীনতা দিৱসৰ পুৱাতে লালকিল্লাৰ পৰা দেশৰ উদ্দেশ্যে দিয়া ভাষণত এই ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ জনাইছে যে, সৰলীকৃত GST ব্যৱস্থা নতুন প্ৰজন্মৰ বাবে এটা ‘উপহাৰ’ হ’ব। ইয়াৰ ফলত দেশব্যাপী কৰৰ বোজা কমিব বুলিও তেওঁ উল্লেখ কৰে।

GST ব্যৱস্থাত সৰলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কাম আৰম্ভ কৰিছে। জুলাই মাহতেই GST পৰিকাঠামোত সম্ভাৱ্য পৰিৱৰ্তনৰ আভাস পোৱা গৈছিল। এইবাৰ লালকিল্লাৰ পৰা প্ৰায়  দুঘণ্টাৰ ভাষণত মোদীয়ে ঘোষণা কৰে যে দীপাৱলীত GST পৰিকাঠামোত পৰিৱৰ্তন আহিব। তেওঁ কয়, “এইবাৰৰ দীপাৱলী আমি আপোনালোকৰ বাবে দ্বিগুণ আনন্দৰ কৰি দিছো। এই দীপাৱলীত দেশৱাসীয়ে এটা ডাঙৰ উপহাৰ পাব। আমি নতুন প্ৰজন্মৰ GST সংস্কাৰ আনিছো। ইয়াৰ ফলত গোটেই দেশত কৰৰ বোজা কমিব। দীপাৱলীৰ আগতেই এইটোৱেই হ’ব উপহাৰ।”

লালকিল্লাৰ পৰা মোদীয়ে এতিয়ালৈকে ১২ বাৰ স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰিলে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১১ বাৰ লালকিল্লাৰ পৰা ভাষণ দিছিল। ভাষণৰ সংখ্যাৰ নিৰিখত ইন্দিৰাক অতিক্ৰম কৰি মোদী দেশৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত দ্বিতীয় স্থানলৈ আহিল। তেওঁৰ আগত আছে কেৱল প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ দীঘলীয়া ভাষণত ভাৰত-পাকিস্তান উত্তেজনা, অপাৰেশ্যন সিন্দূৰৰ পৰা আৰম্ভ কৰি ইন্ধনত স্বনিৰ্ভৰতা আৰু পৰমাণু শক্তি বৃদ্ধিৰ লগতে দেশৰ বিভিন্ন লক্ষ্যমাত্ৰাৰ কথা উত্থাপিত হ’ল। প্ৰতিৰক্ষা ক্ষেত্ৰত স্বনিৰ্ভৰ হোৱাৰ বাৰ্তাও তেওঁ প্ৰদান কৰে।

পেহেলগাম হত্যাকাণ্ড আৰু ‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছৰ সময়ত লালকিল্লাৰ পৰা ভাষণত পাকিস্তানক লক্ষ্য কৰি মোদীয়ে পুনৰ কঠোৰ সুৰ প্ৰকাশ কৰে। তেওঁ ভাৰতীয় সামৰিক বাহিনীৰ সাফল্যৰ কথাও উল্লেখ কৰে। মোদীয়ে কয়, “আমাৰ বীৰ জোৱানসকলে শত্ৰুক কল্পনাতীত শাস্তি প্ৰদান কৰিছে। সীমান্তৰ ওপৰৰ পৰা সন্ত্ৰাসবাদীসকলে পেহেলগামত ধৰ্ম সুধি মানুহক হত্যা কৰিছে। সমগ্ৰ দেশ ক্ষোভত ফাটি পৰিছিল। এই হত্যাকাণ্ডই সমগ্ৰ বিশ্বক হতবাক কৰিছিল। অপাৰেশ্যন সিন্দূৰ আছিল সেই ক্ষোভৰ বহিঃপ্ৰকাশ। ২২ এপ্ৰিলৰ (পেহেলগাম হত্যাকাণ্ডৰ) পিছত আমি সামৰিক বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিলো। ক’ত, কেতিয়া, কি কৌশলেৰে আক্ৰমণ হ’ব, সেয়া তেওঁলোকেই নিৰ্ধাৰণ কৰিছিল।”

পেহেলগাম হত্যাকাণ্ডৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ ভিতৰত এটা হ’ল সিন্ধু পানীচুক্তি স্থগিত কৰা। শুক্ৰবাৰে প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত ভাৰতৰ অৱস্থান পুনৰ স্পষ্ট কৰি দিয়ে। তেওঁ সিন্ধু পানীচুক্তিক সম্পূৰ্ণ ‘একপক্ষীয়’ আৰু ‘অন্যায়’ বুলি ব্যাখ্যা কৰে। মোদীয়ে কয়, “ভাৰতৰ নদীৰ পানী আমাৰ শত্ৰুদেশৰ খেতিপথাৰলৈ গৈ আছে, কিন্তু আমাৰ দেশৰ, আমাৰ কৃষকৰ পানীৰ অভাৱ। এই চুক্তিয়ে বিগত সাত দশক ধৰি দেশৰ কৃষকৰ অকল্পনীয় ক্ষতি কৰিছে। এতিয়াৰ পৰা এই পানীৰ অধিকাৰ কেৱল ভাৰতৰ কৃষকৰ হ’ব।”

১৯৬০ চনত বিশ্ব বেংকৰ হস্তক্ষেপত ভাৰত আৰু পাকিস্তানে সিন্ধু পানীচুক্তি স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি, বিপাশা, শতদ্ৰু, ইৰাৱতীৰ পানীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ভাৰতৰ হাতত থাকিব। আনহাতে, সিন্ধু, বিতস্তা, চন্দ্ৰভাগাৰ পানী পাকিস্তানে ব্যৱহাৰ কৰিব পাৰিব। পানীৰ নিৰিখত সিন্ধু আৰু তাৰ শাখা তথা উপনদীৰ ৩০ শতাংশ পানী ভাৰতে আৰু ৭০ শতাংশ পাকিস্তানে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত ২৬ জন নিৰস্ত্ৰ সাধাৰণ মানুহৰ হত্যাৰ পিছত ভাৰতে এই চুক্তি স্থগিত ৰাখিছে।

শেহতীয়াকৈ আমেৰিকাৰ মাটিত থিয় হৈ পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনীৰে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ বাবে ভাৰতক হুমকি দিছে। তেওঁ কৈছিল, “ভাৰতে বান্ধ নিৰ্মাণ কৰক, আমি অপেক্ষা কৰিম। বান্ধ নিৰ্মাণ হ’লে আমি ১০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সেই বান্ধ ধ্বংস কৰিম।” এই মন্তব্যৰ পিছত পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ে এটা বিবৃতি জাৰি কৰি সিন্ধু জলচুক্তি পুনৰ কাৰ্যকৰী কৰিবলৈ ভাৰতক অনুৰোধ জনাইছে। এই পৰিস্থিতিত লালকিল্লাৰ পৰা মোদীৰ এই বাৰ্তা অতি তাৎপৰ্যপূৰ্ণ।

দেশৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্তিৰ আগতে ভাৰতৰ পৰমাণু শক্তি বৃদ্ধিৰ লক্ষ্য লৈছে নতুন দিল্লী। প্ৰধানমন্ত্ৰীয়ে এই লক্ষ্যৰ কথা পুনৰ স্পষ্ট কৰি দিয়ে। মোদীয়ে জনাইছে, ২০৪৭ চনৰ ভিতৰত দেশৰ পৰমাণু শক্তি ১০ গুণ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। নতুন দহটা পৰমাণু ঘাটি নিৰ্মাণৰ কাম চলি আছে। তেওঁৰ মতে, ইন্ধন ক্ষেত্ৰত দেশক স্বনিৰ্ভৰ কৰিব লাগিব। পৰমাণু শক্তি বৃদ্ধি কৰিব পাৰিলে শক্তিৰ ক্ষেত্ৰত অন্য দেশৰ পৰা আমদানিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। এই পৰিকল্পনা বাস্তৱায়নৰ বাবে পৰমাণু ক্ষেত্ৰত ডাঙৰ পৰিসৰৰ সংস্কাৰ কৰা হৈছে বুলিও তেওঁ জনায়।

শক্তি সম্পদৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা আৰু অন্যান্য ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰ কৰাৰ আহ্বান জনায় মোদী। বিশেষকৈ দেশীয় পণ্য নিৰ্মাণৰ ক্ষেত্ৰত ‘দাম কম, দম বেছি’ মন্ত্ৰও প্ৰদান কৰে। দেশীয় প্ৰযুক্তিৰে যুদ্ধবিমানৰ ইঞ্জিন নিৰ্মাণৰ লক্ষ্যত ভাৰতক আগুৱাই যাব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। ইয়াৰ উপৰিও সমুদ্ৰৰ তলত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানৰ বাবে ‘সমুদ্ৰ মন্থন’ অভিযান আৰম্ভৰ কথাও তেওঁ জনায়। বৰ্তমান ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়ত ভাৰত-আমেৰিকাৰ মাজত কূটনৈতিক টনা-আজোৰাৰ পৰিপ্ৰেক্ষিতত মোদীৰ এই বাৰ্তা অতি তাৎপৰ্যপূৰ্ণ। কৃষি ক্ষেত্ৰত সাৰৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ ওপৰতো অধিক জোৰ দিয়াৰ প্ৰয়োজন বুলি তেওঁ মত প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...