শচীন টেণ্ডুলকাৰৰ পুত্ৰৰ বাগদান পৰ্ব সম্পন্ন

অৰ্জুন টেণ্ডুলকাৰে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে। মুম্বাইৰ পৰিচিত ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চন্দোকৰ সৈতে শচীন টেণ্ডুলকাৰৰ পুত্ৰই বাগদানৰ পৰ্ব সম্পন্ন কৰিলে। বুধবাৰে ঘৰুৱা অনুষ্ঠানত এই বাগদান পৰ্ব অনুষ্ঠিত হয়। উপস্থিত আছিল দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ কিছু আত্মীয় আৰু বন্ধু।

ভাৰতত খাদ্য প্ৰক্ৰিয়াকৰণ আৰু হোটেল শিল্পত মুম্বাইৰ ঘাই পৰিয়াল অত্যন্ত পৰিচিত। ইন্টাৰকন্টিনেণ্টেল হোটেল আৰু ব্ৰুকলিন ক্ৰিমাৰী আইচক্ৰীম ব্ৰেণ্ডৰ মালিক এই ঘাই পৰিয়াল। সেই পৰিয়ালৰ জোঁৱাই হ’ল শচীনৰ পুত্ৰ। ২৫ বছৰীয়া অৰ্জুন এজন পেছাদাৰী ক্ৰিকেটাৰ। বাওঁহতীয়া জোৰদাৰ বলাৰ। বেটতো তেওঁৰ বেয়া নহয়। মুম্বাই ইণ্ডিয়ান্সৰ হৈ আই পি এল খেলে। ঘৰুৱা ক্ৰিকেটত গোৱাক প্ৰতিনিধিত্ব কৰে। তেওঁৰ ১৭খন প্ৰথম শ্ৰেণীৰ মেচৰ অভিজ্ঞতা আছে। লিষ্ট ‘এ’ (ঘৰুৱা ৫০ অ’ভাৰৰ ক্ৰিকেট) মেচ খেলিছে ১৮খন।

ছানিয়াও এগৰাকী ব্যৱসায়ী। তেওঁৰ নিজৰ একাধিক কোম্পানী আছে। ইয়াৰ উপৰিও পাৰিবাৰিক ব্যৱসায়ৰ দায়িত্বও তেওঁ চম্ভালে। ছ’চিয়েল মিডিয়াত ছানিয়া বেছ সক্ৰিয় নহয়। অত্যধিক আড়ম্বৰপূৰ্ণ জীৱন-যাপন তেওঁ পছন্দ নকৰে। সাধাৰণভাৱে জীৱন কটাবলৈ ভাল পায়। বহুদিন ধৰি তেওঁ আৰু অৰ্জুনৰ মাজত সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে। দুয়োটা পৰিয়ালৰ সম্মতিৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

শচীনৰ জীয়ৰী ছাৰা টেণ্ডুলকাৰক লৈ মাজে মাজে নানা গুজৱ শুনা যায়। এটা সময়ত শুনা গৈছিল যে, ছাৰাৰ শুভমন গিলৰ সৈতে সম্পৰ্কত জড়িত। যদিও কোনো পক্ষই এই গুজৱৰ সত্যতা স্বীকাৰ কৰা নাছিল। অৰ্জুনক লৈ তেনে গুজৱ বিশেষ শুনা নাযায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...