এই মাহৰ শেষৰ ফালে ঘৰলৈ অহাৰ কথা আছিল! পাঁচ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল…জম্মু-কাশ্মীৰত নিহত জোৱান প্ৰীতপাল সিংহ

দক্ষিণ কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদ বিৰোধী অভিযানলৈ গৈ ল্যান্স নায়ক প্ৰীতপাল সিংহৰ মৃত্যু হৈছে। পঞ্জাবৰ লুধিয়ানাৰ বাসিন্দা প্ৰীতপালে পাঁচমাহ পূৰ্বে বিয়া কৰাইছিল। স্বামীৰ মৃত্যুৰ পিছৰে পৰা পত্নীগৰাকী দিশহাৰা হৈ পৰিছে। সমগ্ৰ পৰিয়ালটোও শোকত বিহ্বল। প্ৰীতপালৰ পত্নী মনপ্ৰীত কৌৰে জনোৱা মতে, এই মাহৰ শেষৰ ফালে প্ৰীতপালে ঘৰলৈ আহি দীপাৱলী একেলগে উদযাপন কৰাৰ পৰিকল্পনা কৰিছিল।

প্ৰীতপালৰ ককায়েক হৰপ্ৰীত সিংহে সংবাদমাধ্যমক জনাইছে যে, তেওঁলোকে দাৰিদ্ৰ্য আৰু অভাৱ-অনটনৰ সন্মুখীন হৈছে। দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত প্ৰীতপালে সেনাত যোগদান কৰিছিল। তাৰ পিছৰে পৰা পৰিয়ালৰ অৱস্থা লাহে লাহে উন্নত হৈছিল। হৰপ্ৰীতৰ কথাত, “পৰিয়ালক ভালে ৰাখিবলৈ গৈ তেওঁৰ প্ৰাণ গ’ল।” ৰবিবাৰে প্ৰীতপালৰ শেষকৃত্য তেওঁৰ গাঁও মনুপুৰত অনুষ্ঠিত হ’ব।

প্ৰীতপালৰ ককায়েকে কয়, “ফেব্ৰুৱাৰীতহে তেওঁলোকৰ বিয়া হৈছিল। তেওঁৰ পত্নীক কি কৈ সান্ত্বনা দিম ভাবি পোৱা নাই। আমি সংসাৰত বহুত অভাৱ-অনটন দেখিছো। দেউতাই দিন মজুৰিৰ কাম কৰিছিল। সেনাত চাকৰি আৰম্ভ কৰাৰ পিছৰে পৰা ভাইটিয়ে পৰিয়ালৰ দায়িত্ব লৈছিল। পৰিয়ালক ভালে ৰাখিবলৈ গৈয়ে তেওঁৰ প্ৰাণ গ’ল।” হৰপ্ৰীতে জনোৱা মতে, তেওঁৰ দেউতা হৰবংশ সিংহ মুখৰ কৰ্কট ৰোগত ভুগি আছে। প্ৰীতপালৰ ইচ্ছা আছিল দেউতাকক সুস্থ কৰি তুলিব। কিন্তু সেই ইচ্ছা অপূৰ্ণ হৈয়ে ৰ’ল।

বিগত ৯দিন ধৰি কুলগামৰ জংঘলত সেনাই সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আছে। গভীৰ অৰণ্যত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা হয়। শুকুৰবাৰে সেই গুলীত প্ৰীতপাল আৰু হিমাচলৰ মণ্ডীৰ যুৱক সেপাই হৰমিন্দৰ সিংহৰ মৃত্যু হয়। ২০১৫ চনত প্ৰীতপালে সেনাত যোগদান কৰিছিল। তেওঁৰ ককায়েকে জনোৱা মতে, শুকুৰবাৰে ভাইটিৰ সৈতে ফোনত কথা হৈছিল। তেতিয়া তেওঁ জনাইছিল যে, সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলী চলি আছে আৰু অতি শীঘ্ৰে সন্ত্ৰাসবাদীসকলক শেষ কৰা হ’ব। কিন্তু তাৰ পিছতেই প্ৰীতপালৰ মৃত্যুৰ খবৰ আহিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...