হিন্দী চিনেমাৰ কাহিনীৰ দৰে শিহৰণকাৰী

হিন্দী চিনেমাৰ কাহিনীৰ দৰে শিহৰণকাৰী। বাস্তৱত আপুনি মই কল্পনা কৰিব নোৱাৰা কথা। ডিব্ৰুগড়ৰ বৰবৰুৱাত ২৫ জুলাইত নৃশংস হত্যাৰ বলি হৈছিল উত্তম গগৈ। শনিবাৰে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে নিহত গগৈৰ পত্নী বেবী গগৈ, কিশোৰী কন্যা আৰু কন্যাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাই আৰু দীপজ্যোতিৰ বন্ধু গৌৰাংগ পাত্ৰ।

কি হৈছিল ২৫ জুলাইত? ২৬ জুলাইৰ কাহিনী। ২৫ জুলাই শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ বৰবৰুৱাৰ উত্তম গগৈৰ ঘৰত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। ঘৰৰ এটা কোঠাৰ বিচনাত ২৬ জুলাইৰ পুৱা উদ্ধাৰ হৈছিল উত্তম গগৈৰ মৃতেদহ। মেৰামতিৰ বাবে মিস্ত্ৰীয়ে কাম কৰি থকা ঘৰটোত অধিকাংশ বয়-বস্তুৱেই চেদেলি ভেদেলি হৈ পৰি আছিল। আলমাৰি খোলা আছিল। ঘটনাস্থলীৰ পৰিৱেশ দেখি এয়া ডকাইতি বুলি সন্দেহ কৰা হৈছিল।

আৰক্ষীৰ তদন্তত ওলাল ভয়ংকৰ কাহিনী। ঘটনাৰ ৮টা দিন পাছত উত্তম গগৈৰ হত্যাকাণ্ডৰ সমগ্ৰ কাহিনী ফাদিল কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। পত্নী-কন্যাই ছুপাৰি কিলাৰৰ হতুৱাই হত্যা কৰিছিল উত্তম গগৈক। আপুনি শুনি আচৰিত হ’ব– পিতৃক হত্যাৰ বাবে মাতৃক সক্ৰিয়ভাৱে সহযোগ কৰা কিশোৰী কন্যা নৱম শ্ৰেণীৰ ছাত্ৰী। ছুপাৰি কিলাৰ আছিল কন্যাৰ প্ৰেমিক জামিৰা মটক গাঁৱৰ দীপজ্যোতি বুঢ়াগোহাই। হত্যাকাণ্ড সংঘটিত কৰিবলৈ দীপজ্যোতিয়ে একে গাঁৱৰে বন্ধু গৌৰাংগ পাত্ৰক লগত লৈছিল। তদন্তৰ অন্তত আটাইকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পত্নী বেবী গগৈ আৰু নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰী কন্যাই ৰচনা কৰিছিল উত্তম হত্যাৰ ব্লু-প্ৰিন্ট। তাৰ পাছত ছুপাৰি কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল দীপজ্যোতি বুঢ়াগোহাইক। পৰিকল্পিতভাৱেই সমগ্ৰ ঘটনাক ডকাইতিৰ ৰূপ দিছিল মাতৃ-কন্যাই। ডকাইতৰ ৰূপ দিবলৈ ছুপাৰি কিলাৰৰ হাতত তুলি দিছিল অলংকাৰ।

ছুপাৰি কিলাৰ দীপজ্যোতি বুঢ়াগোহাইৰ স্বীকাৰোক্তিত ফাদিল হৈছে এই শিহৰণকাৰী কাহিনী। আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে দীপজ্যোতি আৰু গৌৰংগই। নৱম শ্ৰেণীত পঢ়ি থকা নিহত উত্তম গগৈৰ কন্যা আৰু ঘাতক প্ৰেমিক দীপজ্যোতিক মুখামুখিকৈ বহুৱাই জেৰা কৰিছে আৰক্ষীয়ে। জেৰাত ওলাইছে হত্যাৰ বাবে দীপজ্যোতিক ধন দিয়া কথাও। দীপজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত লুকুৱাই থোৱা ঠাইৰ পৰা জব্দ হৈছে বেবী গগৈৰ সোণৰ অলংকাৰ খিনিও।

ৰহস্যৰ আৱৰ্তত হত্যাৰ আঁৰৰ কাৰণ। নৱম শ্ৰেণীৰ কন্যাৰ সৈতে মিলি বেবী গগৈয়ে কিয় হত্যা কৰিলে স্বামীক? উত্তম গগৈৰ হত্যা সন্দৰ্ভত এই ৰহস্য এতিয়াও উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই ডিব্ৰুগড় আৰক্ষী। অৱশ্যে প্ৰতিবেশীয়ে দিয়া ভাষ্য অনুসৰি কোনো লোকৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক আছিল বেবী গগৈৰ। স্বামীৰ মৃত্যুৰ দিনা কান্দি কান্দি ভাগি পৰাৰ নাটক কৰা, আৰক্ষীৰ জেৰাৰ সময়ত বগা সাজ পিন্ধি মজিয়াত বহি শোকবিহ্বলতাৰ নাটক কৰা বেবী গগৈয়ে নিজৰ অবৈধ সম্পৰ্কক পূৰ্ণতা দিবলৈয়ে উত্তম গগৈক হত্যা কৰাৰ সন্দেহ আৰক্ষী-প্ৰতিবেশীৰ।

দুই মাতৃ-কন্যাৰ এই ঘৃণণীয় কাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড়ৰ বৰবৰুৱা অঞ্চল। আৰক্ষীৰ সন্দেহ- এই হত্যাকাণ্ডত জড়িত হৈ আছে অন্য লোকো। শীঘ্ৰেই আটাইকে গ্ৰেপ্তাৰৰ অংগীকাৰ ডিব্ৰুগড় আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...