ভাৰতৰ ওপৰত ২৫% শুল্ক ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে

পূৰ্বৰ পৰাই আভাস পোৱা গৈছিল, আৰু সেয়া সঁচা হ’ল। আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিলে। বুধবাৰে সন্ধিয়া (ভাৰতীয় সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই শুল্কৰ হাৰ ঘোষণা কৰে। তেওঁ জনাইছে যে, ১ আগষ্টৰ পৰা এই শুল্ক কাৰ্যকৰী হ’ব। ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমৰ পোষ্টত এই শুল্ক আৰোপৰ কাৰণো ব্যাখ্যা কৰিছে।

ভাৰতীয় সময় অনুসৰি বুধবাৰে সন্ধিয়া ৫:৩৯ বজাত ট্ৰাম্পে তেওঁৰ সামাজিক মাধ্যম ‘ট্ৰুথ ছ’চিয়েল’ত ভাৰতৰ ওপৰত শুল্ক আৰোপৰ কথা ঘোষণা কৰে। তাত তেওঁ ভাৰতক ‘বন্ধু ৰাষ্ট্ৰ’ বুলি বৰ্ণনা কৰিছে। কিন্তু ৰাছিয়া আৰু চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি অসন্তুষ্ট। ইয়াৰ উপৰিও ট্ৰাম্পৰ দাবী, ভাৰতীয় বজাৰত আমেৰিকান পণ্যৰ ওপৰত অত্যধিক হাৰত শুল্ক লোৱা হয়। সেই কাৰণে আমেৰিকাৰ বজাৰত ভাৰতীয় পণ্য আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি তেওঁ জনাইছে।

এই শুল্কৰ লগতে ভাৰতৰ ওপৰত এটা জৰিমনাও আৰোপ কৰা হ’ব বুলি ট্ৰাম্পে উল্লেখ কৰিছে। যদিও সেই জৰিমনাৰ বিষয়ে তেওঁ সামাজিক মাধ্যমৰ পোষ্টত স্পষ্টভাৱে উল্লেখ কৰা নাই। ট্ৰাম্পে লিখিছে, “মনত ৰাখিব, ভাৰত আমাৰ বন্ধু হ’লেও, বছৰৰ পিছত বছৰ ধৰি তেওঁলোকৰ সৈতে আমাৰ ব্যৱসায় তুলনামূলকভাৱে অতি কম হৈছে। কাৰণ তেওঁলোকে বহুত বেছি শুল্ক লয়। বিশ্বৰ সৰ্বাধিক শুল্ক লোৱা দেশবোৰৰ ভিতৰত ভাৰত এখন। তেওঁলোকৰ সৈতে ব্যৱসায়ত বহুত বিৰক্তিকৰ বাধা আছে, যিবোৰৰ আৰ্থিক সম্পৰ্ক নাই। ইয়াৰ বাহিৰেও, তেওঁলোকে নিজৰ সামৰিক সৰঞ্জামৰ এটা ডাঙৰ অংশ ৰাছিয়াৰ পৰা কিনে। ৰাছিয়াৰ ইন্ধন সৰ্বাধিক কিনে তেওঁলোকে। চীনৰ পৰাও কিনে। যেতিয়া সকলোৱে বিচাৰে যে, ৰাছিয়াই ইউক্ৰেইনত হত্যালীলা বন্ধ কৰক, তেতিয়া এনে কাম ভাল নহয়। সেয়েহে ভাৰতৰ পৰা ২৫ শতাংশ শুল্ক লোৱা হ’ব আৰু উল্লেখিত বিষয়বোৰৰ বাবে ১ আগষ্টৰ পৰা এটা জৰিমনাও লোৱা হ’ব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...