দাচিগামত নিহত ৩ সন্ত্ৰাসবাদী যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত আছিল… কিদৰে নিশ্চিত কৰিলে কেন্দ্ৰই?

দাচিগামত নিৰাপত্তা বাহিনীৰ অভিযানত তিনিটা সন্ত্ৰাসবাদী নিহত হৈছে। কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে সংসদত জনোৱা মতে, নিহত সন্ত্ৰাসবাদী তিনিটা পেহেলগাম আক্ৰমণৰ সৈতে জড়িত আছিল। পেহেলগামৰ আক্ৰমণৰ সৈতে সন্ত্ৰাসবাদী কেইটাৰ সংযোগৰ প্ৰমাণ কেনেকৈ পোৱা গ’ল, সেয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত উল্লেখ কৰিছে। তেওঁ জনোৱা মতে, ফৰেন্সিক পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা নিশ্চিত হৈছে যে, নিহত সন্ত্ৰাসবাদী তিনিটা পেহেলগাম আক্ৰমণৰ সৈতে জড়িত আছিল। পেহেলগামৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা গুলীৰ খোলা নিহত সন্ত্ৰাসবাদীৰ পৰা পোৱা বন্দুক আৰু ৰাইফলৰ পৰা নিৰ্গত হৈছিল। চণ্ডীগড়ৰ ফৰেন্সিক গৱেষণাগাৰত এই প্ৰমাণ পোৱা গৈছে।

মঙলবাৰে গৃহমন্ত্ৰী শ্বাহে জনোৱা মতে, সোমবাৰে ‘অপাৰেশ্যন মহাদেৱ’ত তিনিটা সন্ত্ৰাসবাদী নিহত হোৱাৰ পিছত ঘটনাস্থলীৰ পৰা এটা এম-৯ আমেৰিকান ৰাইফল আৰু দুটা একে-৪৭ উদ্ধাৰ কৰা হৈছে। এই অস্ত্ৰৰ পৰা নিৰ্গত গুলী পেহেলগামৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা কাৰ্টিজ আৰু গুলীৰ খোলাৰ সৈতে মিল আছে। শ্বাহে কয়, “কোনো সন্দেহৰ অৱকাশ নাই। মোৰ হাতত বেলিষ্টিক প্ৰতিবেদন আছে, যিটো শ্ৰেষ্ঠ বিজ্ঞানীসকলে পৰীক্ষা কৰি স্বাক্ষৰ কৰিছে। মঙলবাৰে পুৱা ৪:৪৬ বজাত মোক ভিডিঅ’ কলৰ জৰিয়তে নিশ্চিত কৰা হৈছে যে, পেহেলগামত নিৰ্গত গুলী আৰু অপাৰেশ্যন মহাদেৱত উদ্ধাৰ হোৱা ৰাইফলৰ মাজত ১০০ শতাংশ মিল আছে।”

কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে, পেহেলগামৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা কাৰ্টিজ কেইটা আগতীয়াকৈ চণ্ডীগড়ৰ গৱেষণাগাৰলৈ পঠিওৱা হৈছিল। সোমবাৰে অপাৰেশ্যন মহাদেৱত সন্ত্ৰাসবাদী কেইটা নিহত হোৱাৰ পিছত তেওঁলোকে ব্যৱহাৰ কৰা অস্ত্ৰসমূহ নিশাৰ ভিতৰত সেই গৱেষণাগাৰলৈ পঠিওৱা হয়। পৰীক্ষাৰ পিছত গুলীৰ মিল পোৱা গৈছে, আৰু তাৰ পৰা নিশ্চিত হৈছে যে, ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণত এই অস্ত্ৰ ব্যৱহাৰ হৈছিল।

শ্বাহে সংসদত আৰু জনায় যে, পেহেলগাম আক্ৰমণৰ পিছতেই মহাদেৱ অভিযানৰ প্ৰস্তুতি আৰম্ভ হৈছিল। তেওঁৰ মতে, “পেহেলগামৰ ঘটনাৰ পিছৰ দিনা পুৱা ৫:৩০ বজাত মই শ্ৰীনগৰত উপস্থিত হৈছিলোঁ। উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। ২৩ এপ্ৰিলত সেনা, চিআৰপিএফ, বিএছএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে অঞ্চলটো পৰ্যবেক্ষণ কৰি নিশ্চিত কৰিছিল যে, সন্ত্ৰাসবাদীৰ পলায়নৰ কোনো পথ মুকলি নাছিল।”

শ্বাহে জনোৱা মতে, ২২ মে’ত চোৰাংচোৱাসকলে জানিব পাৰে যে, সন্ত্ৰাসবাদীসকল দাচিগামত লুকাই আছে। দুমাহৰো অধিক সময় ধৰি আধুনিক চেন্সৰ আৰু বিভিন্ন সূত্ৰৰ জৰিয়তে চোৰাংচোৱাসকলে তেওঁলোকৰ ওপৰত নজৰ ৰাখিছিল। ২২ জুলাইত সন্ত্ৰাসবাদীৰ অৱস্থানৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত ২৮ জুলাই, সোমবাৰে সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। সোমবাৰে সন্ত্ৰাসবাদীৰ মৃতদেহকেইটা শ্ৰীনগৰলৈ অনা হয়। তেওঁলোকক খাদ্য, আশ্ৰয় আৰু সামগ্ৰী যোগান ধৰা ব্যক্তিসকলে মৃতদেহ চিনাক্ত কৰা হৈছে। তাৰ পিছত দাচিগামৰ সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ আৰু কাৰ্টিজৰ সৈতে পেহেলগাম আক্ৰমণস্থলীৰ পৰা বাজেয়াপ্ত কৰা গুলীৰ তুলনা কৰা হয়। তাৰ পৰা নিশ্চিত হৈছে যে, সোমবাৰে নিহত সন্ত্ৰাসবাদীকেইটা পেহেলগাম আক্ৰমণৰ সৈতে জড়িত আছিল। শ্বাহে সংসদত আৰু কয়, “তিনিজনৰ মাজত দুজনৰ মৃতদেহৰ ওচৰৰ পৰা পাকিস্তানৰ ভোটাৰ নম্বৰ পোৱা গৈছে। পাকিস্তানত নিৰ্মিত চকলেটো উদ্ধাৰ হৈছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...