‘মাক চাবলৈ মন গৈছে’! ইয়েমেন প্ৰশাসনলৈ আহ্বান কাৰাগাৰত বন্দী নিমিষা প্ৰিয়াৰ কন্যাৰ

ইয়েমেনৰ আদালতে এগৰাকী মাতৃৰ মৃত্যুদণ্ডৰ আদেশ দিছে। হাজাৰ চেষ্টা কৰিও এই মৃত্যুদণ্ড বাতিল কৰা সম্ভৱ হোৱা নাই। ইয়েমেনৰ কৰ্তৃপক্ষই অৱশ্যে সাময়িকভাৱে তেওঁৰ মৃত্যুদণ্ড স্থগিত ৰাখিছে। এইবাৰ মৃত্যুদণ্ডপ্ৰাপ্ত নিমিষা  প্ৰিয়াৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ কন্যা মিশেল ইয়েমেনত উপস্থিত হৈছে। পিতৃ টমি টমাছৰ সৈতে মিশেল নামৰ এই কিশোৰীয়ে সেই দেশলৈ গৈছে।

কেৰালাৰ নার্চ নিমিষা কেইবছৰমান ধৰি ইয়েমেনৰ কাৰাগাৰত বন্দী। তেওঁৰ কন্যাই এদশকৰো অধিক সময় ধৰি মাকক দেখা নাই। প্ৰতিদিনে তেওঁ মাকৰ বাবে মন বেয়া কৰে, কিন্তু কোনো উপায় নাই। তেওঁ কেৰালাত, আৰু তেওঁৰ মাতৃ নিমিষা  ইয়েমেনৰ কাৰাগাৰত বন্দী। হত্যাৰ গোচৰত ইয়েমেনৰ আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিছে। মাকক ঘূৰাই আনিবলৈ এইবাৰ মিশেলে ইয়েমেনৰ প্ৰশাসনৰ ওচৰত আৱেদন জনাবলৈ গৈছে। কান্দি কান্দি তেওঁৰ আৱেদন, “মই মোৰ মাক বহুত ভাল পাওঁ। অনুগ্ৰহ কৰি, মোক মোৰ মাক ঘৰলৈ লৈ যাবলৈ সহায় কৰক। তেওঁক চাবলৈ মোৰ বৰ মন যায়। মই মাক বহুত মিছ কৰিছো।” নিমিষাৰ স্বামীৰ আৱেদন, “অনুগ্ৰহ কৰি মোৰ পত্নীক বচাওক।”

কেৰালাৰ পালক্কাড়ৰ বাসিন্দা নিমিষা  ২০০৮ চনত নার্চৰ কামৰ বাবে ইয়েমেনলৈ গৈছিল। পিছত ২০১৭ চনত তেওঁৰ বিৰুদ্ধে এজন ব্যৱসায়িক সংগীৰ হত্যাৰ অভিযোগ উঠিছিল। ২০১৮ চনত তেওঁক এই ঘটনাত দোষী সাব্যস্ত কৰা হয়, আৰু ইয়েমেনৰ আদালতে তেওঁৰ ফাঁচীৰ নিৰ্দেশ দিয়ে। তেতিয়াৰ পৰা নিমিষাৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ ফাঁচী ৰখাবলৈ সকলো প্ৰকাৰৰ চেষ্টা চলাই আহিছে। তেওঁলোকে ভাৰত চৰকাৰৰ সহায় বিচাৰিছে। ইয়েমেনৰ উচ্চতম ন্যায়ালয়তো শাস্তি হ্ৰাস কৰিবৰ বাবে আৱেদন জনোৱা হৈছিল, কিন্তু সেয়া খাৰিজ হৈ যায়।

নিমিষাৰ ফাঁচীৰ আদেশ কাৰ্যকৰী হোৱা ৰখাবলৈ তেওঁৰ পৰিয়ালে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বিষয়ত হস্তক্ষেপৰ আৰ্জি জনাইছিল। কিন্তু কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে, ইয়েমেনত বন্দী এই যুৱতী গৰাকীৰ মৃত্যুদণ্ড ৰখাবলৈ ভাৰত চৰকাৰৰ হাতত বিশেষ একো ব্যৱস্থা নাই।

উল্লেখ্য যে, ইয়েমেনত নিমিষাই তেওঁৰ স্বামী টমি আৰু কন্যাৰ সৈতে আছিল। পিছত ২০১৪ চনত তেওঁৰ স্বামী আৰু ১১ বছৰীয়া কন্যা ভাৰতলৈ ঘূৰি আহিলেও নিমিষা  ইয়েমেনত থাকি যায়। তেওঁৰ ইচ্ছা আছিল নিজৰ ক্লিনিক খুলিব। সেই বছৰেই তেওঁৰ ইয়েমেনৰ নাগৰিক তালাল আব্দো মেহদিৰ সৈতে যোগাযোগ হয়। মেহদিয়ে তেওঁক নতুন ক্লিনিক খুলিবলৈ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কাৰণ ইয়েমেনৰ আইন অনুসৰি নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ দেশীয় অংশীদাৰৰ প্ৰয়োজন আছিল। সেইমতে ২০১৫ চনত দুয়োজনে মিলি নতুন ক্লিনিক খোলে। তাৰ পিছৰ পৰাই দুই অংশীদাৰৰ মাজত মতবিৰোধ আৰম্ভ হয়।

অভিযোগ অনুসৰি, মেহদিয়ে নিমিষাৰ ধন আৰু পাছপ’ৰ্ট কাঢ়ি লৈছিল। তেওঁক মাৰধৰ কৰি মাদক দ্ৰব্য সেৱনতো বাধ্য কৰিছিল। আইনী কাগজপত্ৰত নিমিষাক পত্নী হিচাপে পৰিচয় দি প্ৰশাসনিক সহায়ৰ পথ প্ৰায় বন্ধ কৰি দিছিল। পুলিচৰ ওচৰত গৈও কোনো লাভ হোৱা নাছিল। বাধ্য হৈ ২০১৭ চনৰ ২৫ জুলাইত নিমিষাই মেহদিক টোপনিৰ ইনজেকচন দিয়ে। নিমিষাৰ দাবী, তেওঁৰ উদ্দেশ্য আছিল মেহদিক টোপনি যোৱাই নিজৰ পাছপ’ৰ্ট ঘূৰাই পোৱা। কিন্তু অত্যধিক ড’জৰ বাবে মেহদিৰ মৃত্যু হয়। তাৰ পিছত হানান নামৰ এজন সহকৰ্মীৰ সৈতে মিলি মেহদিৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি পানীৰ টেংকত পেলাই দিয়ে। সেই মাহতেই ইয়েমেনৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে নিমিষা  ধৰা পৰে। তেতিয়াৰ পৰা তেওঁ ইয়েমেনৰ কাৰাগাৰত বন্দী হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...