সুভাংশুৰ সফলতাই দেশত মহাকাশৰ প্ৰতি কৌতুহল বৃদ্ধি কৰিছে; ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সুভাংশু শুক্লাৰ সাফল্যৰ ফলত দেশত মহাকাশৰ প্ৰতি উৎসাহ আৰু আগ্ৰহ বৃদ্ধি পাইছে। দেওবাৰৰ ‘মন কী বাত’ অনুষ্ঠানত এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, “সুভাংশু শুক্লাই মহাকাশৰ পৰা উভতি অহাৰ পিছত এই বিষয়ে বহু আলোচনা চলিছে। সুভাংশুৱে পৃথিৱীত নিৰাপদে পদাৰ্পণ কৰাৰ লগে লগে প্ৰতিজন ভাৰতীয় আনন্দিত হোৱা দেখা গৈছে। সমগ্ৰ দেশ আজি গৌৰৱান্বিত।” প্ৰধানমন্ত্ৰীয়ে কয়, “পাঁচ বছৰৰ আগতে মহাকাশ ক্ষেত্ৰত ৫০টাতকৈও কম ষ্টাৰ্টআপ আছিল। আৰু আজি ২০০ৰো অধিক ষ্টাৰ্টআপে এই ক্ষেত্ৰত কাম কৰি আছে।”

স্বাধীনতা দিৱসৰ পূৰ্বে এইটোৱেই আছিল মোদীৰ শেষ ‘মন কী বাত’। সেয়েহে তেওঁৰ ভাষণত দেশৰ স্বাধীনতাৰ প্ৰসংগও উত্থাপিত হৈছিল। তেওঁ আগষ্ট মাহক ‘বিপ্লৱৰ মাহ’ বুলি অভিহিত কৰে। কয়, “১৫ আগষ্টই আমাক আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ কথা মনত পেলায়।” এই প্ৰসংগত ক্ষুদিৰাম বসুৰ কথা উল্লেখ কৰি মোদীয়ে কয়, “১৯০৮ চনত মুজফ্ফৰপুৰত এজন যুৱকক ফাঁচিকাঠত ওলোমাই দিয়া হৈছিল। কিন্তু তেওঁৰ ভয় নাছিল। তেওঁৰ মুখত আছিল পূৰ্ণ আত্মবিশ্বাস। তেওঁ আছিল ক্ষুদিৰাম বসু। মাত্ৰ ১৮ বছৰ বয়সত তেওঁ সমগ্ৰ দেশক কঁপাই তুলিছিল।” মোদীৰ ভাষণত স্বদেশী আন্দোলনৰ প্ৰসংগও উত্থাপিত হয়। সেই সূত্ৰে তেওঁ দেশৰ হস্তশিল্পৰ উন্নতিৰ কথাও উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত ২৫ জুনত স্পেচএক্সৰ ‘ড্ৰেগন’ মহাকাশযানত উঠি ভাৰতীয় মহাকাশচাৰী সুভাংশু আই এছ এছৰ উদ্দেশ্যে ৰাওনা হৈছিল। তেওঁৰ সৈতে আছিল অ্যাক্সিয়ম-৪ৰ ক্ৰু-কমাণ্ডাৰ পেগি হুইটছন, মিছন বিশেষজ্ঞ স্লাওছ উজানস্কি-উইজনিউস্কি আৰু টিবৰ কাপু। ১৮দিন মহাকাশত কটোৱাৰ পিছত বিগত ১৫ জুলাইত তেওঁলোকে আমেৰিকাৰ কেলিফৰ্ণিয়া উপকূলত অৱতৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৎসৱৰ বতৰত বাঢ়িব নোৱাৰিব পিয়াঁজৰ দাম: বজাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিলে বিশেষ অভিযান

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু বজাৰত যোগান সহজলভ্য কৰি ৰখাৰ উদ্দেশ্যে...

লক্ষ্য পূৰণ নকৰাকৈ ইউক্ৰেইন যুদ্ধ অন্ত পেলালে ‘মোক ফাঁচী দিব’- পুটিনৰ ভয় ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ ভৱিষ্যৎক লৈ চাঞ্চল্যকৰ...

১৫ বছৰৰ পাছত টিম কুকৰ বিদায়, Appleৰ নতুন CEO কোন হ’ব?

প্ৰযুক্তি জগতৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান Appleত আহিছে এক গুৰুত্বপূৰ্ণ...

ভাৰতীয় পৰ্যটকৰ বাবে সু-খবৰ, ৩০ দিনলৈ ভিছামুক্ত প্ৰৱেশৰ ঘোষণা উজবেকিস্তানত

ভাৰতীয় পৰ্যটকৰ বাবে ডাঙৰ সুখবৰ। এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে...