চৰকাৰৰ পাকিস্তান বিৰোধী নীতি শিথিল হৈছে নেকি? পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলাৰ সেউজ সংকেত দিলে BCCIক

পেহেলগামৰ মৰ্মান্তিক ঘটনা সম্ভৱতঃ আপোনালোকৰ মনত এতিয়াও সজীৱ হৈ আছে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ জীৱন কাঢ়ি লৈ তেজৰ ফাকু খেলিছিল। সেই ঘটনাৰ প্ৰায় তিনি মাহ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া BCCI-য়ে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলাৰ প্ৰস্তুতি চলাইছে। OPERATION SINDOORৰ সময়ত সকলোৱে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্জনৰ আহ্বান জনাইছিল। ভাৰতীয় চৰকাৰেও কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। কিন্তু এতিয়া পাকিস্তান বিৰোধী নীতি শিথিল হৈছে নেকি? চৰকাৰে BCCIক পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলাৰ বাবে সেউজ সংকেত দিছে। অলপতে এছিয়া কাপ ২০২৫ৰ সূচী ঘোষণা কৰা হৈছে।

১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’ব। গ্ৰুপ পৰ্যায়তো দুয়োটা দলক একে গ্ৰুপত ৰখা হৈছে। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এছিয়া কাপ ২৮ ছেপ্টেম্বৰত সমাপ্ত হ’ব। এইবাৰৰ এছিয়া কাপত আঠখন দেশে অংশগ্ৰহণ কৰিব। গ্ৰুপ Aত আছে ভাৰত, পাকিস্তান, UAE আৰু ওমান। গ্ৰুপ Bত আছে বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু হংকং। এইবাৰৰ এছিয়া কাপ ডুবাই আৰু আবু ধাবিত অনুষ্ঠিত হ’ব।

এছিয়া কাপৰ সূচী ঘোষণাৰ পিছত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ দ্বিমুখী নীতিৰ প্ৰশ্ন উত্থাপিত হৈছে। সিন্ধু জল চুক্তি আৰু এয়াৰস্পেচ এতিয়াও বন্ধ হৈ আছে, কিন্তু তাৰ বিপৰীতে BCCIক পাকিস্তানৰ সৈতে এছিয়া কাপত খেলাৰ অনুমতি দিয়া হৈছে। বহুতে প্ৰশ্ন তুলিছে— পেহেলগামৰ ঘটনাত নিহত পৰিয়ালৰ চকুলোৰ কি হ’ব? পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত শ্বহীদ হোৱা পৰিয়ালৰ মনৰ বেদনা কোনে শুনিব? এছিয়া কাপৰ সূচী ঘোষণাৰ পিছত BCCIয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, যদিও ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে তীব্ৰ সমালোচনা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...