চৰকাৰৰ পাকিস্তান বিৰোধী নীতি শিথিল হৈছে নেকি? পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলাৰ সেউজ সংকেত দিলে BCCIক

পেহেলগামৰ মৰ্মান্তিক ঘটনা সম্ভৱতঃ আপোনালোকৰ মনত এতিয়াও সজীৱ হৈ আছে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ জীৱন কাঢ়ি লৈ তেজৰ ফাকু খেলিছিল। সেই ঘটনাৰ প্ৰায় তিনি মাহ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া BCCI-য়ে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলাৰ প্ৰস্তুতি চলাইছে। OPERATION SINDOORৰ সময়ত সকলোৱে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্জনৰ আহ্বান জনাইছিল। ভাৰতীয় চৰকাৰেও কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। কিন্তু এতিয়া পাকিস্তান বিৰোধী নীতি শিথিল হৈছে নেকি? চৰকাৰে BCCIক পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলাৰ বাবে সেউজ সংকেত দিছে। অলপতে এছিয়া কাপ ২০২৫ৰ সূচী ঘোষণা কৰা হৈছে।

১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’ব। গ্ৰুপ পৰ্যায়তো দুয়োটা দলক একে গ্ৰুপত ৰখা হৈছে। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এছিয়া কাপ ২৮ ছেপ্টেম্বৰত সমাপ্ত হ’ব। এইবাৰৰ এছিয়া কাপত আঠখন দেশে অংশগ্ৰহণ কৰিব। গ্ৰুপ Aত আছে ভাৰত, পাকিস্তান, UAE আৰু ওমান। গ্ৰুপ Bত আছে বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু হংকং। এইবাৰৰ এছিয়া কাপ ডুবাই আৰু আবু ধাবিত অনুষ্ঠিত হ’ব।

এছিয়া কাপৰ সূচী ঘোষণাৰ পিছত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ দ্বিমুখী নীতিৰ প্ৰশ্ন উত্থাপিত হৈছে। সিন্ধু জল চুক্তি আৰু এয়াৰস্পেচ এতিয়াও বন্ধ হৈ আছে, কিন্তু তাৰ বিপৰীতে BCCIক পাকিস্তানৰ সৈতে এছিয়া কাপত খেলাৰ অনুমতি দিয়া হৈছে। বহুতে প্ৰশ্ন তুলিছে— পেহেলগামৰ ঘটনাত নিহত পৰিয়ালৰ চকুলোৰ কি হ’ব? পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত শ্বহীদ হোৱা পৰিয়ালৰ মনৰ বেদনা কোনে শুনিব? এছিয়া কাপৰ সূচী ঘোষণাৰ পিছত BCCIয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, যদিও ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে তীব্ৰ সমালোচনা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...