নেটফ্লিক্সৰ বাৰ্ষিক চাবস্ক্ৰিপচনতকৈ কম টকাত সম্পন্ন বিবাহ

ধনকুবেৰ, শিল্পপতি আৰু বলিউডৰ নায়ক-নায়িকাৰ হাজাৰ হাজাৰ কোটি টকাৰ বিবাহৰ সাক্ষী হৈছে গোটেই বিশ্ব। ভাৰতৰ সাধাৰণ পৰিয়ালতো বিবাহ মানেই লাখ লাখ টকাৰ খৰচ। ঐতিহ্যবাহী ভাৰতীয় বিবাহ মানেই জাকজমকপূৰ্ণ অনুষ্ঠান, অতিথিৰ সমাৰোহ। গহনা আৰু ধুনীয়া সাজপোছাক পৰিধান কৰা কইনা। বাস্তৱত বিবাহ হৈছে কেৱল দুখন হৃদয়ৰ বন্ধন। আইনৰ অনুমোদন পালেই সেই বিবাহ সম্পূৰ্ণ হয়। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এক পোষ্টত দাবী কৰা হৈছে যে, মাত্ৰ ১,৫৯২ টকাতে এখন বিবাহ সম্পন্ন কৰা সম্ভৱ। এজন ৰেডিট ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে, তেওঁৰ বিবাহৰ খৰচ নেটফ্লিক্সৰ বাৰ্ষিক ছাবস্ক্ৰিপশ্যনৰ সমান।

ৰেডিট ব্যৱহাৰকাৰীয়ে তেওঁৰ বিবাহৰ ফটোৰ সৈতে পোষ্টত লিখিছে যে- বিবাহৰ ঝামেলা এৰাই চলিবলৈ তেওঁ আৰু তেওঁৰ প্ৰেয়সীয়ে আদালতত বিবাহ কৰাৰ সিদ্ধান্ত লৈছিল। কোনো বিবাহ পৰিকল্পনাকাৰী নাছিল, কোনো জাকজমকপূৰ্ণ পোছাক নাছিল, কেৱল কইনা, পৰিয়াল আৰু আইনী সহায়ক। মুঠ খৰচ হৈছিল ১,৫৯২ টকা।

চলিত বছৰৰ ১৭ এপ্ৰিলত তেওঁলোকে বিবাহৰ বাবে আবেদন কৰিছিল। ৮ মে’ত পৰিয়াল আৰু সাক্ষীৰ উপস্থিতিত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। কাগজপত্ৰত স্বাক্ষৰ কৰা হৈছিল। শপত গ্ৰহণ কৰা হৈছিল। বিবাহৰ পিছত বিবাহৰ প্ৰমাণ পত্ৰ লৈ তেওঁলোক ওলাই আহিছিল বুলি পোষ্টত উল্লেখ কৰিছে।

কাগজৰ বাবে ২০ টকা, ষ্টাম্প পেপাৰৰ বাবে ৩২০ টকা, জৰুৰী ফটোৰ বাবে ২৬০ টকা, আইনী আৰু ষ্টাম্প পেপাৰৰ বাবে ২০০ টকা, নোটাৰীৰ বাবে ৪০০ টকা। চৰকাৰী কৰৰ বাবে ১০০ টকা আৰু অন্যান্য খৰচৰ বাবে ২৯০ টকা। সকলো মিলাই তেওঁলোকৰ খৰচ হৈছিল ১,৫৯২ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...